জয়সাগৰস্থিত শিৱসাগৰ জিলা বিজেপিৰ কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এক যোগদান অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দল-সংগঠনৰ পৰা বহু লোক, আমগুৰি আৰু শিমলুগুৰি পৌৰসভাৰ দুগৰাকী নিৰ্বাচিত ৱাৰ্ড আযুক্ত‌ আৰু কেইবাগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে বিজেপি দলত যোগদান কৰে। 

এই অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈ, বিধায়ক সুশান্ত বৰগোঁহাই, শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোঁহাই, জিলাৰ সহ-প্ৰভাৰী সুভাষ দত্ত  প্ৰমুখ্য কৰি দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে।