শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰু বৰচলাত প্ৰশাসনে চলোৱা উচ্ছেদৰ ফলত ভুক্তভোগী হোৱা ৰাইজৰ কাষত উপস্থিত হৈ তেওঁলোকৰ বেদনাৰ বুজ লয় সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত যোৱা অসম তৃণমূল কংগ্ৰেছৰ এটি প্ৰতিনিধি দলে ।

প্ৰায় ১২০০ পৰিয়াল উচ্ছেদৰ বলি হ'বলগা হৈছে। চৌদিশত কেৱল মানৱতাৰ আৰ্তনাদ।নিজৰ ঘৰখন হেৰুৱাই কোলাত কেঁচুৱা লৈ কটাইছে অবৰ্ণনীয় যন্ত্ৰণাৰ দিন আৰু ৰাতি।

Solar Power Plant নিৰ্মাণৰ দোহাই দি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাকো বুঢ়া আঙুলি দেখুৱাই চৰকাৰে চলাইছে উচ্ছেদ অভিযান। সভাপতি ৰিপুণ বৰাই এই কাণ্ডৰ গৰিহণা দি কয় যে চৰকাৰখনে নিজৰ এজেণ্ডা পূৰণ কৰিবলৈ গৈ মানৱতা উলংঘা কৰিবলৈও কুণ্ঠাবোধ নকৰা হৈছে। 

কিন্তু এয়া ভালৰ লক্ষণ নহয় বুলি মন্তব্য কৰি বৰাই চৰকাৰখনক কঠোৰ সমালোচনা কৰে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি উচ্ছেদৰ পূৰ্বে সেই নিৰ্দিষ্ট লোকসকলৰ বাবে সু-ব্যৱস্থা কৰাৰ প্ৰয়োজন বুলি মন্তব্য কৰি কয় যে বৰচলাৰ আৰ্তনাদ মানৱতাৰ ভূলুণ্ঠন।

'বিকল্প ব্যৱস্থা নকৰাকৈ, চৰকাৰে চলোৱা উচ্ছেদ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পৰিপন্থী,' বৰাই কয়।

উচ্ছেদিত নিৰীহ জনতাৰ দুখ দেখি আবেগিক হৈ পৰা বৰাই এই লোকসকলৰ কণ্ঠ হৈ অসম তৃণমূল কংগ্ৰেছ দলে চৰকাৰখনক জবাবদিহি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

বৰচলাৰ শতাধিক হিন্দু পৰিয়ালৰ মাজত থিয় হৈ পৰিস্থিতিৰ বুজ লৈ থকাৰ সময়ত বঙালী সম্প্ৰদায়ৰ এগৰাকী বঙালী হিন্দু সম্প্ৰদায়ৰ বয়োজ্যেষ্ঠ মহিলাই 'আমাক বোমাৰে মাৰি পেলাওক' বুলি ক্ষোভ উজাৰে। সভাপতি বৰাই এই পৰিস্থিতিৰ কথা অসমবাসীৰ আগত উদঙাই দেখুৱাব বুলি প্ৰতিশ্ৰুতি দিয়ে।