ছুপাৰহিট ৰণবীৰ আলিয়াৰ ছবি ব্ৰহ্মাস্ত্ৰ। মুক্তিৰ প্ৰথম দিনটোতে ছবিখনৰ উপাৰ্জনে সৃষ্টি কৰিছে অভিলেখৰ । বয়কটৰ দৰে টেণ্ডিঙৰ পাছতো ছবিখনৰ অগ্ৰিম টিকটৰ পৰাই ১৪কোটিৰো অধিক টকা উপাৰ্জন কৰাৰ পাছত মুক্তিৰ প্ৰথম দিনটোত ৩২-৩৪কোটি টকা উপাৰ্জন কৰিছে ছবিখনে । শেহতীয়া পৰিস্থিতিলৈ চাই ছবিখনৰ উপাৰ্জন যথেষ্ট দুৰ্বল হব বুলি আশা কৰা হৈছিল যদিও ছবিখনে দমদাৰ অপেনিং কৰিছে।
উল্লেখ্য যে, হলিউদৰ ভি এফ এক্সৰ দৰেই উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে এই ছবিখন। ছবিখনত দক্ষিণৰ মেগাষ্টাৰ নাৰ্গাজুনেও অভিনয় কৰিছে। অমিতাভ বচ্চন, মণি ৰয়, ডিম্পল কাপাডিয়াৰ দৰে অভিনেতা -অভিনেত্ৰীয়ে অভিনয় কৰিছে এই ছবিখনত।
 
  
  
  
 