◆মাজুলী জেংৰাইমুখ মডেল হস্পিতেলত প্ৰসূতি কক্ষত বৃহৎ ফাট ।
◆যিকোনো মুহূৰ্তত খহি পৰিব পাৰে চাঁদ।
◆হস্পিটেল খনৰ চাঁদ সমূহত লিক হৈছে পানী।
◆২০১৯ বৰ্ষত ৪কোটি ৯০ লাখ টকাৰ ব্যয়ৰে মুকলি কৰিছিল মডেল হস্পিটেল খন প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
◆ মকৰা জাল বেৰি ধৰিছে আধুনিক যন্ত্ৰ
◆অত্যাধুনিক কক্ষ পৰিণত হৈছে ভূত বাংলা।
◆ ডাক্তৰ , টেকনেছিয়ান নথকাৰ অভিযোগ। xry মেচিনত পানী সোমোৱাত বৰ্তমান পৰিত্যক্ত।
-মাজুলী বাসীয়ে সপ্তম সংখ্যক মাজুলী জিলা দিৱস উলহ মালহেৰে উদযাপন কৰাৰ সময়তে মাজুলীৰ অন্যতম বৃহৎ চিকিৎসালয় তথা উজনি মাজুলীৰ চিকিৎসাৰ একমাত্ৰ ভৰসাথলী জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ৰ ৱালত বৃহৎ ভাঁট মেলা ঘটনাত কম্পমান হৈছে ৰোগীসকলৰ মাজত। উল্লেখ্য যে,পয়ালগা মাজুলীৰ স্বাস্থ্য খণ্ডক গতিশীলতা প্ৰদান কৰাৰ উদ্দেশ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগে উজনি মাজুলীৰ জেংৰাইমুখত চাৰি কোটি নব্বৈ লাখ টকা ধনৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল জেংৰাইমুখ আদৰ্শ চিকিৎসালয়। মাজুলী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ২০১৯ চনৰ ১২ নৱেম্বৰত আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱা মুকলি কৰে জেংৰাইমুখ আদৰ্শ চিকিৎসালয়খন। চিকিৎসালয়খন ৰাইজৰ সেৱাত মুকলি কৰাৰ মাত্ৰ তিনি বছৰৰ পিছতে অতি আচৰ্যজনকভাৱে প্ৰসূতি বিভাগৰ কক্ষৰ সমগ্র ৱাল এফালৰ পৰা ফাটি গৈ আছে। কক্ষটোৰ চাৰিওফালে ৱালত দেখা গৈছে বৃহৎ বৃহৎ আকাৰৰ ফাঁট। ফলত যিকোনো মূহুৰ্ততে ভাগি সৰি পৰাৰ পূৰ্ণ সম্ভাৱনা ঘনীভূত হোৱাৰ পিছত সেই কক্ষলৈ প্ৰৱেশ কৰিবলৈ ভয় কৰিছে চিকিৎসায়লৰ চিকিৎসক, নাৰ্চ, চিকিৎসা কৰ্মী তথা প্ৰসূতি ৰোগীসকলে। এইক্ষেত্ৰত নিৰ্মাণকাৰী সংস্থাই জেংৰাইমুখ আদৰ্শ চিকিৎসালয় নিৰ্মাণত কৰা চূড়ান্ত আসোঁৱাহ তথা বিসংগতিৰ বাবে মাত্ৰ তিনি বছৰৰ পিছতে ওলাই পৰিল জোলোঙাৰ মেকুৰী।