৭৫ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি দেশজুৰি চলি থকা ঘৰে ঘৰে তিৰংগা কাৰ্যসূচীৰ মাজতে শনিবাৰে উত্তৰ প্ৰদেশৰ কুশীনগৰ জিলাত এজন ব্যক্তিয়ে নিজ গৃহত পাকিস্তানৰ জাতীয় পতাকা উত্তোলন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীয়ে জানিব দিয়া অনুসৰি, শনিবাৰে পুৱা প্ৰায় ১১ বজাত কুশীনগৰৰ তাৰিয়া ছুজান থানা এলেকাৰ অন্তৰ্গত বেদুপাৰ মুস্তাকিল গাঁৱৰ এটা ঘৰত পাকিস্তানী পতাকা উত্তোলন কৰা হয়।
আৰক্ষীয়ে এই তথ্য লাভ কৰাৰ লগে লগে অঞ্চলটোত অভিযান চলাই ছলমান নামৰ এজন ২১ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে। ছলমানৰ উপৰি পতাকা নিৰ্মাণ আৰু উত্তোলন কৰাৰ তেওঁৰ এগৰাকী আত্মীয় শ্বাহনাজ (২২) আৰু পতাকা উত্তোলনত এজন কিশোৰকো গ্ৰেপ্তাৰ কৰে।