ভ্ৰাম্যমাণ জগতক নতুন গতি দিয়া নাট্যকাৰ হেমন্ত দত্ত এতিয়া ৰোগাক্ৰান্ত ৷

ৰোগাক্ৰান্ত হেমন্ত দত্তলৈ মুখ্যমন্ত্ৰীৰ চিকিৎসা সাহায্য ৷

বিধায়ক পৰমানন্দ ৰাজবংশী আৰু বসন্ত দাসে প্ৰদান কৰিলে চেক ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্তলৈ সাহায্য পুঁজিৰ পৰা ৫০ হাজাৰ টকাৰ চিকিৎসা সাহায্য প্ৰদান কৰিলে ৷ ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী আৰু মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসৰ জৰিয়তে প্ৰদান কৰিলে চেক ৷ ভ্ৰাম্যমাণ জগতক নতুন গতি দিয়া নাট্যকাৰ হেমন্ত দত্ত এতিয়া ৰোগাক্ৰান্ত ৷ টাইটানিক, ফাচি কাঠত ৰাজখোৱা আদিকে ধৰি প্ৰায় ১০০খন নাটকৰ স্ৰষ্টা “নায়ক হ’ব খুজি খলনায়ক হলো”,আদিকে ধৰি প্ৰায় ১০০ টা জনপ্ৰিয় গীতৰ স্ৰষ্টা হেমন্ত দত্ত এতিয়া ৰোগাক্ৰান্ত ৷ বৰ্তমান “সোনৰ পানী” নামৰ এখন উপন্যাস লিখাত ব্যস্ত আজন্ম শিল্পী গৰাকী ৷

আৰ্থিক দৈন্যতাই কোঙা কৰা নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত অসুস্থতাৰ খবৰ পাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে ভৱিষ্যতে চিকিৎসা জনিত সকলো সাহায্য অসম চৰকাৰৰ জৰিয়তে কৰিব বুলি প্ৰতিশ্ৰুতি দিলে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ৷