মৰঙীত হাতী মানুহৰ সংঘাতে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ
জীৱিকা হেৰুৱাই সৰ্বশ্ৰান্ত হৈছে হাজাৰ হাজাৰ কৃষক পৰিয়াল
গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত সম্প্ৰতি দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ আৰু হস্তী মানুহৰ সংঘাত । বিশেষকৈ জিলাখনৰ সৰুপথাৰ সমষ্টিৰ এটা বৃহৎ অংশ মৰঙি মৌজাত এতিয়া বনৰীয়া হাতীৰ উপদ্ৰপ নিত্য নৈমিত্তিক ঘটনালৈ পৰিণত হৈছে । ২ লাখ ৯ শ ৪৬ বিঘা ৩ কথা ৬ লোচা বৃহৎ মাটিকালিৰে আবৃত্ত বৃহত্তৰ মৰঙি অঞ্চলটোত যোৱা প্ৰায় এটা দশকৰো অধিক কাল বন্যহস্তীৰ উপদ্ৰৱৰ ফলত ইয়াৰ বাসিন্দাসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে । বিগত কিছু বছৰৰ পৰা মৰঙী অঞ্চলৰ সাধাৰণ ৰাইজে আনকি খেতি বাতিৰ লগতে নিজৰ জীৱন জীৱিকাও হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি গৈছে। গোলাঘাট জিলাৰ মৰঙি অঞ্চলত হস্তী মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিস্থিতিৰ বিষয়ে আজি এক সংবাদ মেল যোগে সদৰি কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । গোলাঘাট প্ৰেছ ক্লাবত আয়োজিত এই সংবাদ মেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক পিন্টু গগৈয়ে কয় যে, বৃহত্তৰ মৰঙি অঞ্চলটোত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শেহতীয়াকৈ কৰা ক্ষেত্ৰ ভিত্তিত অধ্যয়ণত দেখা গৈছে যে এইবাৰ মৰঙি অঞ্চলত বন্যহস্তীয়ে খেতিপথাৰৰ কৰা সন্ত্ৰাসৰ বাবে প্ৰায় ২০ হাজাৰৰো অধিক বিঘা কৃষিভূমি কৃষকে বাধ্যত পৰি খেতি এৰিব লগাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ইতিমধ্যে এই ২০ হাজাৰৰো অধিক বিঘা কৃষিভূমি ছন পৰি ৰৈছে। সংবাদ মেলত পিন্টু গগৈয়ে উত্থাপন কৰা অভিযোগ মতে বৃহত্তৰ মৰঙি অঞ্চলটোত ২০২২ বৰ্ষত বৰ্তমানলৈকে প্ৰায় ২০০০ ৰো অধিক পৰিয়ালৰ ঘৰ বন্যহস্তীয়ে ভাঙিছে, এই পৰিয়াল সমূহৰ ভিতৰতে বহু পৰিয়ালে এতিয়া সৰ্বস্ৰান্ত হৈ মাত্ৰ এখন চালিৰ তলত বসবাস কৰিব লগা হৈছে । কিন্তু অতি পৰিতাপৰ কথা যে এই ক্ষতিগ্ৰস্ত পৰিয়াল সমূহে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই ক্ষতিপূৰণ অথবা সাহাৰ্য আজি পৰ্যন্ত আদায় দিয়া নাই। বন্যহস্তীয়ে খেতিপথাৰ নষ্ট কৰা বা ঘৰ ভাঙি তহিলং কৰাৰ বাবদ অহা ক্ষতিপূৰণৰ টকা সমূহ কাৰ পকেটলৈ যায় বুলিও সংবাদ মেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বন বিভাগ তথা চৰকাৰক প্ৰশ্ন কৰে। আনহাতে যোৱা ২০২১-২২ বৰ্ষৰ পৰা বৰ্তমানলৈকে সমগ্ৰ অঞ্চলটোত হাতীৰ আক্ৰমণত ২১ জন ব্যক্তিৰ মৃত্যু হৈছে। ২০২২ বৰ্ষত হাতীৰো মৃত্যু হৈছে প্ৰায় ৬ টাৰো অধিক। বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতে ইমান ভয়াবহ ৰূপ লোৱাৰ পিছতো বৰ্তমানলৈকে গোলাঘাট জিলা প্ৰশাসন, বন বিভাগ, ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰীৰ লগতে স্থানীয় সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ৰাইজৰ সমস্যা সমাধানৰ বাবে কোনো গুৰুত্ব দিয়া নাই বুলি ছাত্ৰ মুক্তিয়ে অভিযোগ উত্থাপন কৰে। আনহাতে সংবাদমেল যোগে সংগঠনটোৱে বন্যহস্তীৰ সন্ত্ৰাসৰ ফলত যিসকল পৰিয়ালে জীৱিকা হেৰুৱাইছে বিশেষকৈ সেইসকলৰ বাবে জিলা কৃষি বিভাগ, মীন বিভাগ আৰু পশুপালন বিভাগে আঁচনি গ্ৰহণ কৰি সৰ্বশ্ৰান্ত হোৱা মানুহখিনিক জীৱিকাৰ পথ দিবলৈ দাবী জনায়। আনহাতে বন্যহস্তীৰ সন্ত্ৰাসৰ ফলত বাধ্যত পৰি খেতি কৰিব নোৱাৰা হোৱা, ২০ হাজাৰৰো অধিক বিঘা কৃষিভূমিত খেতি কৰিব নোৱাৰা বৃহত্তৰ মৰঙি অঞ্চলৰ প্ৰতিজন কৃষকক প্ৰতি বিঘা মাটিত অতি কমেও ১৫, ০০০ টকাকৈ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে । লগতে যিসকল পৰিয়ালৰ ঘৰ ভাঙিছে, ঘৰৰ আচবাব ভাঙিছে সেই সমূহ পৰিয়ালকো অতি কমেও ৩ লাখ টকাৰ ক্ষতিপূৰণ দিবৰ বাবে দাবী কৰিছে সংগঠনটোৱে । ইয়াৰোপৰি নুমলীগড় শোধনাগাৰৰ কৰ্তৃপক্ষই বন্যহস্তীৰ সন্ত্ৰাসত ক্ষতিগ্ৰস্ত হোৱা সোক সকলৰ বাবে বিশেষ আঁচনি প্ৰস্তুত কৰাৰ দাবী তুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে NRL ৰ CSR আঁচনিৰ অতি কমেও ৩০ শতাংশ কেৱল শোধনাগাৰৰ সমীপৱৰ্তী বৃহত্তৰ মৰঙি অঞ্চলৰ কৃষক আৰু গোলাঘাট জিলাৰ কৃষকৰ ক্ষতিপূৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে বুলিও দাবী জনায়। সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বন্যহস্তীৰ উপদ্ৰৱ আৰু হস্তী মানুহৰ সংঘাত ৰোধ কৰিবৰ বাবে গোলাঘাট জিলাৰ বন বিভাগ তথা অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক বহুকেইটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে। এই দাবী সমূহৰ ভিতৰত বন্যহস্তীৰ পৰম্পৰাগত কৰিড'ৰ( দণ্ডি) সমূহ বনবিভাগৰ দ্বাৰা চিনাক্ত কৰি নামফলকৰ ব্যৱস্থা কৰিব লাগে ।লগতে হাতীৰ দণ্ডিসমূহ সকলো সময়তে মুক্ত কৰি ৰাখি বাধাহীনভাৱে অহা যোৱা কৰিব পাৰে তাৰ ব্যৱস্হা কৰাৰ দাবী জনায়। হাতীৰ দণ্ডিবিলাকত সৌৰশক্তি চালিত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিব লাগে। একেদৰে, হাতীৰ সমস্যাৰ অন্যতম সমস্যা ৰূপে চিহ্নিত হৈছে চৰকাৰী ভূমিত যধে মধে গঢ়ি উঠা চাহ বাগিছা, বিভিন্ন প্ৰতিষ্ঠান আৰু উদ্যোগৰ ফলত আগতে যিসমূহ স্থানত জিৰণি লৈছিল বা বিচৰণ কৰিছিল সেই ঠাই সমূহ এতিয়া নোহোৱা হল। গতিকে মৰঙি মৌজাটোৰ চৰকাৰী পতিত ভূমি, বিশেষকৈ চাহ বাহিচা সমূহৰ আ়শে পাশে হাতীৰ উপযোগী খাদ্য যেনে কলগছ, ডিমৰু, ঔটেঙা, বাঁহ, উদ্ভিদজাতীয় শস্য ৰোপণ কৰিব লাগে লগতে বনানিকৰণ কৰি তুলিব লাগে। হাতীয়ে পানী খোৱাৰ আৰু অহা যোৱাত সুবিধা যাতে হয় তাৰ বাবে ইয়াৰ দাঁতিকাষৰীয়া দৈগ্ৰোং আৰু কালিয়নি নৈৰ শিল বালি মহলৰ এলেকা নিৰ্দিষ্ট ঠাইত সীমাবদ্ধ ৰাখিব লাগে। আনহাতে, নামবৰ দৈগ্ৰোং অভয়াৰণ্য, দেওপাহাৰ, বিজুলী বনাঞ্চল সুৰক্ষা আৰু সংৰক্ষণ ব্যৱস্থা অতি শক্তিশালী কৰি বনধ্বংসৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হবলৈ দাবী কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।
সংগঠনটোৱে বিজুলী সংৰক্ষিত অভয়াৰণ্য বেদখল বন্ধ কৰি জনশূণ্য অঞ্চলত বৃক্ষৰোপন কৰাৰ পোষকতা কৰাৰ লগতে গোলাঘাট নগৰত থকা বনবিভাগৰ মুখ্য কাৰ্যালয়ৰ বাহিৰে বাকী সকলো নগৰত থকা বনবিভাগৰ সকলো কাৰ্যালয় বনাঞ্চলৰ সমীপৱৰ্তী স্থানলৈ স্থানান্তৰিত কৰিবলৈ দাবী জনাইছে। হাতী মানুহৰ সংঘাতৰ পৰা জীৱন সম্পত্তি নিৰাপত্তা দিব পৰাকৈ বকিয়াল খণ্ড বন কাৰ্যালয় আৰু মুৰফুলনি বন কাৰ্যালয়ত বনৰক্ষীৰ সংখ্যা বৃদ্ধি কৰি প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰৰ যোগান ধৰিবলৈও চৰকাৰক সচেষ্ট হ'বলৈ আহ্বান জনায় । বন্যহস্তীৰ ৰম্যভূমিলৈ পৰিণত হোৱা, হস্তী মানুহৰ সংঘাতে ভয়াবহ ৰূপ লোৱা বৃহত্তৰ মৰঙি অঞ্চলৰ বিষয়টো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হস্তী বিশেষজ্ঞ, প্ৰকৃতিৰ বিশেষজ্ঞৰ দ্বাৰা সম্পূৰ্ণ বিজ্ঞানসন্মত চিন্তাৰে মানুহৰ লগতে বন্যহস্তী সমূহকো সুৰক্ষিত কৰি হস্তী মানুহৰ সংঘাত নিৰ্মূল কৰাত বিভাগীয় কতৃপক্ষ আৰু চৰকাৰে ব্যৱস্থা ল'ব লাগে বুলি সংবাদ মেলত প্ৰকাশ কৰে। সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক পিন্টু গগৈৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মৰঙি আঞ্চলিক সমিতিৰ সভাপতি তপন দাস, কৃষক মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলা সদস্য দুৰ্লভ গগৈ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মৰঙি আঞ্চলিক সমিতিৰ প্ৰচাৰ সম্পাদক অংকু কলিতা, সহকাৰী সম্পাদক ছবিন গগৈৰ লগতে মৰঙি অঞ্চলটোৰ কেইবাজনো সচেতন যুৱক উপস্থিত থাকে।