২০০২ চনত 'দ্য ছেন্টিনেল”। ২০০৪ চনত 'আমাৰ অসম'। ২০০৫ চনত 'আজিৰ দৈনিক বাতৰি ‘ আৰু এন ই টিভি। পৰবৰ্ত্তী সময়ত ক্ৰমে ডি ৱাই, প্ৰাগ নিউজ, এন ই টিভি ত কাম কৰিলোঁ। এটা সময়ত নিজে প্রায় ১৪মাহ এখন ৰাষ্ট্ৰীয় মানৰ ইংৰাজী আলোচনী ' দ্য নর্থ ইষ্ট ট্ৰেইলব্লেজাৰ” আৰু পিছত ‘ইনচাইড ফেক্ট' উলিয়াইছিলোঁ। ডিজিটেল চেনেল কৰিছোঁ আৰু ডি ডি আছামতো কাম কৰি আছোঁ। অসমত বৰ্তমান সাংবাদিকতাৰ প্ৰকৃত স্বৰূপ ওচৰৰ পৰা দেখিছোঁ৷ বহু মানুহ আৰু সাংবাদিকক লগ পাইছোঁ। এটা কথা কওঁ: সমাজৰ সকলো অংগই গেলিছে, সংবাদ-ক্ষেত্ৰখনো তাৰ অংশ মাত্র। অনুভৱ হয়- মানুহৰ নিচিনা বৰ্বতম জীৱ আন ক'তো পাবলৈ নাই। কিন্তু ইয়াত মানুহৰ দোষ নাই, পৰিস্থিতিহে দায়ী। কাৰণ মানুহ পৰিস্থিতিৰ দাস। আৰু সময়হে সকলোতকৈ শক্তিশালী।
(আমাৰ চাৰিওফালে অজস্র পথ, কিন্তু কোনফালে অগ্ৰসৰ হ'ম, সেয়া আমাৰ একান্ত নিজৰ সিদ্ধান্ত)