সাংবাদিক বনজিত ঠাকুৰীয়াৰ ওপৰত হোৱা আক্ৰমণৰ ন্যায় বিচাৰি চিলাপথাৰত JAFA ৰ ধেমাজি জিলা সমিতি আৰু বৃহত্তৰ চিচিবৰগাঁও প্ৰেছ ক্লাৱৰ ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ 

চিলাপথাৰ, ৯ ছেপ্টেম্বৰঃ মঙ্গলবাৰেগুৱাহাটীত সংঘটিত এক ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক বনজিত ঠাকুৰীয়াক কেইজনমান দুৰ্বৃত্তই কৰা আক্ৰমণৰ ন্যায় বিচাৰি আজি JOURNALIST ASSOCIATION FOR ASSAM চমুকৈ 'জাফা' ৰ ধেমাজি জিলা সমিতি আৰু বৃহত্তৰ চিচিবৰগাঁও প্ৰেছ ক্লাৱৰ সদস্যসকলে চিলাপথাৰ নগৰৰ মাজমজিয়াত ক'লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদী কাৰ্যসূচীত বৃহত্তৰ চিচিবৰগাঁও প্ৰেছ ক্লাৱৰ সদস্যসকলৰ উপৰিও চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থা, ছাত্র মুক্তি সংগ্ৰাম সমিতি, জাতীয় মহিলা পৰিষদ, আৰু সাৰথি স্বেচ্ছাসেৱী সংস্থা সদস্য সকলে অংশগ্ৰহণ কৰে । গণতন্ত্ৰ চতুৰ্থচম্ভত থকা সাংবাদিকক দৃৰ্বৃত্ত ই আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শীঘ্ৰেই দোষীক কৰায়ত্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আৰক্ষী প্ৰশাসন ক দাবী জনায় সাংবাদিক তথা দল সংগঠনে ।