গুৱাহাটী ৰে'ল ষ্টেশ্যনত ৰে'ল আৰক্ষী বৃহৎ সাফল্য। গুৱাহাটী ৰেল ষ্টেশ্যনত অভিযান চলাই জব্দ বৃহৎ পৰিমাণৰ অপিয়াম। ৭ কোটি টকা মূল্যৰ অপিয়ামসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলালে ৰে'ল আৰক্ষীয়ে।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

গুৱাহাটী ৰে'ল ষ্টেশ্যনত বৃহৎ পৰিমাণৰ অপিয়াম জব্দ কৰিছে ৰে'ল আৰক্ষীয়ে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৰে'ল আৰক্ষীয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰীৰ কবলৰ পৰা জব্দ কৰে প্রায় ৭ কেজি ওজনৰ অপিয়াম। জব্দকৃত অপিয়ামখিনিৰ বজাৰ মূল্য ৭ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। 

নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত ৰে'ল আৰক্ষীয়ে তালাচী চলাই ৰাজস্থানৰ দুজন লোকৰ কবলৰ পৰা জব্দ কৰে অপিয়ামখিনি। ৰাজস্থানৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনে অপিয়ামখিনি তিনিচুকীয়াৰ পৰা দিল্লীলৈ নি থকা অৱস্থাত গুৱাহাটীত ৰে'ল আৰক্ষীৰ অভিযানত ধৰা পৰে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন মনিশ কুমাৰ আৰু কল্লাৰাম বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যোৱা মাহটো গুৱাহাটী ৰে'ল আৰক্ষীয়ে ৰে'লযোগে ড্ৰাগছ সৰবৰাহ কৰিবলৈ চেষ্টা চলোৱা কেইবাজনো বহিঃৰাজ্যৰ ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলাইছিল।