ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুত ভাৰতে শোকপ্ৰকাশ কৰি মোদী চৰকাৰে ৰাণী এলিজাবেথৰ সন্মানত অহা ১১ ছেপ্টেম্বৰ অৰ্থাত দেওবাৰে এদিনীয়া ৰাজ্যিক শোকৰ ঘোষণা কৰিছে।

১১ ছেপ্তেম্বৰৰ দিনটোত ব্ৰিটেইনৰ ৰাণীৰ সন্মানত দেশজুৰি ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত হৈ থাকিব।

শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে বৃহস্পতিবাৰে ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যু হয় আৰু তেওঁৰ সন্মানত চৰকাৰে সমগ্ৰ দেশতে ৰাজ্যিক শোক দিৱস ঘোষণা কৰিছে।

উল্লেখ্য যে বৃহস্পতিবাৰে স্কটলেণ্ডৰ ৰাজপ্ৰসাদত ৰাণীৰ মৃত্যু ঘটিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ।