নলবাৰীৰ পিতনিপাৰাত আজি এক ভয়ংকৰ ঘটনা সংঘতিত হয়৷ বিদ্যুতস্পৃষ্ট হৈ এজন লোক নিহত হোৱাৰ বিপৰীতে দুজন গুৰুতৰ ভাবে আহত হয়৷

নিহত লোক জন লাল চন্দ আলি বুলি জানিব পৰা গৈছে৷ আহত কেইজন হৈছে দক্ষিণ শিংৰাৰ মুকুল মালাকৰ আৰু ৰাজীৱ কলিতা।

আহত কেইজন বৰ্তমান নলবাৰী শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷

এ পি ডি চি এলৰ গাফিলতিৰ বাবে সংঘটিত হৈছে উক্ত ঘটনা৷কাম কৰি থকা অৱস্থাত বিদ্যুত সংযোগ হোৱাৰ ফলত দুৰ্ঘটনাটো হয় বুলি জানিব পৰা গৈছে৷

১১হেজাৰ ভল্টৰ বিদ্যুত পৰিবাহী তাৰত লাগি সংঘটিত হৈছে ঘটনাটো৷ তিনিও জন বিদ্যুত কৰ্মী আছিল৷