DFO ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীক গ্ৰেপ্তাৰ দাবী AJYCP নেতা কল্যাণজ্যোতি মৰাণৰ। উত্তাল ডুমডুমা বন সংমণ্ডল।

ডুমডুমাত উত্তাল প্ৰতিবাদ।

সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডুমডুমা আঞ্চলিক সমিতিৰ লগতে বন কৰ্মচাৰী মিলিত হৈ ডুমডুমা বন সংমণ্ডলৰ কায্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ।

চৰকাৰ আৰু প্ৰশাসনক বিষয়া গৰাকীক গ্ৰেপ্তাৰৰ বাবে ২৪ ঘণ্টা সময় সীমা বান্ধি দিছে অসম জাতীয়তাবাদি যুৱ ছাত্ৰ পৰিষদে।

সমগ্ৰ অসম জুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এগৰাকী DFO এ চৰ ঘোচা মাৰি এগৰাকী ফৰেষ্ট গাৰ্ডক চকু উলিয়াই দিয়া ঘটনাই অসম তুলপাৰ কৰিছে। যোৱাকালি এক শিহৰণ কাৰি ঘটনা, সামান্য কথাৰ বাবে এগৰাকী ফৰেষ্ট গাৰ্ডক নাম হেমকান্ত হতিমুৰীয়াক ডুমডুমা DFO অই মাৰধৰ কৰাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি তাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডুমডুমা আঞ্চলিক সমিতিৰ লগতে বন কৰ্মচাৰী মিলিত হৈ ডুমডুমা বন সংমণ্ডলৰ কায্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অত্যাচাৰী DFO গৰাকীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। ইয়াৰ উপৰিও বিষয়া গৰাকীৰ উপৰত উচিত ব্যবস্থা গ্ৰহণ কৰিবৰ বাবে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে বন মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। বিভিন্ন কেলেংকাৰীৰ সৈতে জঢ়িত থকা বুলি অভিযোগ উত্থাপন কৰি এনে দুৰ্নীতি গ্ৰস্ত বিষয়াক গ্ৰেপ্তাৰ নকৰিলে জঙ্গী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে অসম জাতীয়তাবাদি যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিযে। ইয়াৰ বাবে ২৪ ঘণ্টাৰ সময় সীমা বান্ধি দিছে সংগঠনটোৱে।