তিনিচুকীয়াত সঘনাই বৃদ্ধি পাইছে মটৰচাইকেল চুৰিৰ ঘটনা। আৰক্ষীৰ চকুত ধুলি মাৰি ইটোৰ পাছত সিটো চুৰিকাণ্ড সংঘটিত কৰিছে চুৰৰ দলে ৷ বুধবাৰে নিশা তিনিচুকীয়া বৰগুৰিৰ শিৱা ৰায় নামৰ  লোকজনৰ বাসগৃহৰ পৰাই চুৰে লৈ উধাও হয় দুখনকৈ বুলেট  ৷  এখন As23 P0308 আৰু আনখন নম্বৰপ্লেট বিহিন নতুন বুলেট ৷ চুৰৰ দলটোৱে বুলেট দুখন চুৰি কৰি পলায়ন কৰা দৃশ্য বন্দী হয় গোপন কেমেৰাত ৷  পৰৱৰ্তী সময়ত উক্ত ঘটনাৰ সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীক অৱগত কৰে বুলি জানিব দিয়াৰ লগতে এইপয্যন্ত মটৰচাইকেল দুখনৰ কোনো সম্বেদ লাভ কৰা নাই বুলি জানিব দিয়ে ৷

  এনেদৰে সঘনাই ইখনৰ পাছত সিখন মটৰচাইকেল চুৰি হৈ থকাৰ ঘটনাই তিনিচুকীয়াত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷