সুদীৰ্ঘ ৩৮ বছৰ পিছত শ্বহীদক সাহসীকতাৰ বঁটা প্ৰদান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ ১৯৮৪ চনত পঞ্জাৱৰ অমৃতচৰত থকা স্বৰ্ণ মন্দিৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছিল আৰু সেই সন্ত্ৰাসবাদী আক্ৰমণক প্ৰতিহত কৰিবলৈ নিয়োগ কৰা হৈছিল ভাৰতীয় সেনাক ৷ সেনাৰ সেইদলটোত আছিল দুধনৈৰ আমগুৰী গাঁৱৰ সন্তান নৱপ্ৰদীপ বসুমতাৰী। সন্ত্ৰাসবাদীৰ গুলীয়ে বুকু ভেদি গৈছিল অসম সন্তান নবপ্ৰদীপ বসুমতাৰীৰ। দেশ মাতৃৰ সুৰক্ষাৰ স্বাৰ্থত বলিদান দিয়া শ্বহীদ নবপ্ৰদীপ বসুমতাৰীক সুদীৰ্ঘ ৩৮ বছৰ পিছত আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আনুষ্ঠানিকভাৱে দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰিলে “সাহসীকতাৰ বঁটা”৷ আমগুৰিত থকা বীৰ শ্বহীদ গৰাকীৰ নিজা গৃহত উপস্থিত হৈ 50 Assam Air Sqn NCC ৰ কমাণ্ডিং অফিচাৰ ৰবীন বিশৈ য়ে শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি দিয়াৰ পিছত বীৰ শ্বহীদ গৰাকীৰ আত্মাৰ প্ৰতি চিৰশান্তি কামনা কৰি ২ মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে শ্বহীদ নবপ্ৰদীপ বসুমতাৰীৰ পৰিয়ালৰ দুই জেষ্ঠ, দুই কনিষ্ঠ ভাতৃ আৰু দুই ভগ্নীৰ হাতত প্ৰধানমন্ত্ৰীয়ে শ্বহীদ গৰাকীলৈ প্ৰেৰণ কৰা এটা “স্মাৰক ”প্ৰদান কৰে৷ স্মাৰকত আছে নৰেন্দ্ৰ মোডীৰ চহী ৷ আনহাতে সুদীৰ্ঘ ৩৮ বছৰ পিছত শ্বহীদ গৰাকীয়ে পোৱা এই সন্মানৰ বাবে পৰিয়ালৰ লোক সকলে চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে দেশৰ বাবে নিজ ভাতৃয়ে বলিদান দিয়া কাৰ্যক দেশৰ গৌৰৱ বুলিও সংবাদমাধ্যক জানিবলৈ দিয়ে ৷ এই বঁটা প্ৰদান অনুষ্ঠান আমগুৰী গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় আৰু গাঁৱখনৰ পুুুৰুষ মহিলা সকল উপস্থিত থাকে৷ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি “শ্বহীদকো শত শত নমন” শীৰ্ষক এই অনুষ্ঠানৰ দ্বাৰা সন্মান যচা হয় শ্বহীদ গৰাকীক ৷ দুধনৈ জৱাহৰ নবোদয় বিদ্যালয়ৰ এনচিচি কেডেটৰ এটা গ্ৰুপে ৰাষ্ট্ৰীয় শ্বহীদ গৰাকীক চেলিউট জনায়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કૌભાંડનો પર્દાફાશ : વલસાડમાં નકલી નોટ ઝડપાઈ, પોલીસે 3 આરોપીઓની કરી ધરપકડ
વલસાડ જિલ્લાના આદિવાસી વિસ્તારમાં વલસાડ જિલ્લાની પોલીસે નાસિકથી નકલી નોટ લાવવાના વધુ એક કૌભાંડનો...
ધાનેરા માં અગ્રવાલ પાસે આવેલ કષ્ટભંજન હનુમાન મંદિરે હવન યજ્ઞ કાર્યક્રમ યોજાયો.
ધાનેરા માં અગ્રવાલ પાસે આવેલ કષ્ટભંજન હનુમાન મંદિરે હવન યજ્ઞ કાર્યક્રમ યોજાયો.
આજે હનુમાન જ્યંતી...
ಮೂಡಿಗೆರೆಯಲ್ಲಿ ಶಾಸಕಿ ನಯನಾ ಮೋಟಮ್ಮ ಅವರನ್ನು ಭೇಟಿಯಾದ ಇಂಜಿನಿಯರ್ ಗಳು
ಚಿಕ್ಕಮಗಳೂರು ಹಾಗೂ ಮೂಡಿಗೆರೆ ತಾಲೂಕಿನ ಕುಡಿಯುವ ನೀರಿನ ಯೋಜನೆ ಇಲಾಖೆಯ ಇಂಜಿನಿಯರ್ ಗಳು ಶಾಸಕಿ ನಯನಾ ಮೋಟಮ್ಮ...
મહુવામાં રૂ.૧૧,૩૯૦/-નાં મુદ્દામાલ સાથે ૪ શકુનીને ઝડપી લેતી ભાવનગર લોકલ ક્રાઈમ બ્રાન્ચ
ભાવનગર,એલ.સી.બી. તથા પેરોલ ફર્લો સ્કવોડનાં માણસો મહુવા શહેર વિસ્તારમાં પેટ્રોલીગમાં હતાં.તે...
চোৰাং গৰু সৰবৰাহকাৰীয়ে নিতৌ অৱলম্বন কৰিছে ন ন কৌশল
চোৰাং গৰু সৰবৰাহকাৰীয়ে নিতৌ অৱলম্বন কৰিছে ন ন কৌশল। গৰু চুৰি চক্ৰৰ কাৰ্য দেখিলে চকু কপালত...