ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা । বন্যপ্ৰাণী সৰবৰাহ কৰা আন্তঃৰাষ্ট্ৰীয় বৃহৎ দল উৎখাত ৰঙিয়া আৰক্ষীৰ । ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলা অভিযানত পুৱতি নিশা আৰক্ষীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়া চোছাইটি চকত জব্দ কৰে দুখন ভি আই পি বাহন । এখন ফৰ্চুনাৰ DL 8C AQ 9876 আৰু আনখন ইন'ভা DL 10 CH 7924 গাড়ীত লৈ অনা হৈছিল বৃহৎ সংখ্যক বন্যপ্ৰাণী । উদ্ধাৰ হোৱা প্ৰাণী কেইটা হৈছে কেংগাৰু ২ টা , চিম্পাঞ্জি ২ টা , বিভিন্ন প্ৰজাতিৰ বান্দৰ ১৯ টা , কাছ ১৮ টা , ভাটৌ ২ টা । উদ্ধাৰ হোৱা বন্যপ্ৰাণী কেইটাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত আনুমানিক মূল্য কেইবা কোটি টকা হব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । অভিযানৰ সময়ত আৰক্ষীৰ জালত তামিলনাডু থানেৰ ৰঘু সিঙ আৰু ভিলিপুৰমৰ কাৰ্থিক । বন্যপ্ৰাণী ভৰ্তি বাহন দুখন মিজোৰামৰ সীমাৰ পৰা দিল্লী অভিমুখে গৈ থকা মুহূৰ্তত আৰক্ষীয়ে খেদি খেদি ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে । সন্দেহ কৰা হৈছে জন্তু সৰবৰাহত জড়িত হৈ আছে আন্তঃৰাষ্ট্ৰীয় চক্ৰ এটা । নিশাৰ অন্ধকাৰৰ সুযোগ লৈ এনেদৰে বন্যপ্ৰাণী সৰবৰাহৰ সন্দেহ । উল্লেখ্য যে বন্যপ্ৰাণী সৰবৰাহত গ্ৰেপ্তাৰ হোৱা লোক এজনে নিজকে সেনা বাহিনীৰ বিষয়াৰ পৰিচয় দি পৰিচয় পত্ৰ দেখুৱাইছে । আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાધનપુર ગૌરવ પથ રોડ પર પાણીની પાઇપ લાઈન તૂટી | SatyaNirbhay News Channel
રાધનપુર ગૌરવ પથ રોડ પર પાણીની પાઇપ લાઈન તૂટી | SatyaNirbhay News Channel
पीक विम्याच्या मागणीसाठी मनसेचे आष्टी तहसील कार्यालयासमोर निदर्शने
आष्टी (प्रतिनिधी) सरसकट शेतकऱ्यांना पिक विमा देण्यात यावा या मागणीसाठी मनसेचे जिल्हा उपाध्यक्ष...
જામનગરની ૩૦૦થી વધુ મહિલાઓએ રોજગારી મેળવી બહેનોએ રાષ્ટ્રધ્વજ બનાવી તિરંગો લહેરાવવા વિનંતી કરી
જામનગરની ૩૦૦થી વધુ મહિલાઓએ રોજગારી મેળવી બહેનોએ રાષ્ટ્રધ્વજ બનાવી તિરંગો લહેરાવવા વિનંતી કરી
વડોદરા મહાનગરપાલિકા દ્વારા ગરબા સ્પર્ધા-૨૦૨૨ મા વિજેતા ઓ ને ઇનામ આપવામાં આવ્યા
વડોદરા મહાનગરપાલિકા દ્વારા ગરબા સ્પર્ધા-૨૦૨૨ મા વિજેતા ઓ ને ઇનામ આપવામાં આવ્યા
SDM Wife ने दिया पति को धोखा, पति ने पढ़ा लिखा कर बनाया काबिल, महिला ने चलाया होमगार्ड के साथ चक्कर
SDM Wife ने दिया पति को धोखा, पति ने पढ़ा लिखा कर बनाया काबिल, महिला ने चलाया होमगार्ड के साथ चक्कर