ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা । বন্যপ্ৰাণী সৰবৰাহ কৰা আন্তঃৰাষ্ট্ৰীয় বৃহৎ দল উৎখাত ৰঙিয়া আৰক্ষীৰ । ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলা অভিযানত পুৱতি নিশা আৰক্ষীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়া চোছাইটি চকত জব্দ কৰে দুখন ভি আই পি বাহন । এখন ফৰ্চুনাৰ DL 8C AQ 9876 আৰু আনখন ইন'ভা DL 10 CH 7924 গাড়ীত লৈ অনা হৈছিল বৃহৎ সংখ্যক বন্যপ্ৰাণী । উদ্ধাৰ হোৱা প্ৰাণী কেইটা হৈছে কেংগাৰু ২ টা , চিম্পাঞ্জি ২ টা , বিভিন্ন প্ৰজাতিৰ বান্দৰ ১৯ টা , কাছ ১৮ টা , ভাটৌ ২ টা । উদ্ধাৰ হোৱা বন্যপ্ৰাণী কেইটাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত আনুমানিক মূল্য কেইবা কোটি টকা হব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । অভিযানৰ সময়ত আৰক্ষীৰ জালত তামিলনাডু থানেৰ ৰঘু সিঙ আৰু ভিলিপুৰমৰ কাৰ্থিক । বন্যপ্ৰাণী ভৰ্তি বাহন দুখন মিজোৰামৰ সীমাৰ পৰা দিল্লী অভিমুখে গৈ থকা মুহূৰ্তত আৰক্ষীয়ে খেদি খেদি ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে । সন্দেহ কৰা হৈছে জন্তু সৰবৰাহত জড়িত হৈ আছে আন্তঃৰাষ্ট্ৰীয় চক্ৰ এটা । নিশাৰ অন্ধকাৰৰ সুযোগ লৈ এনেদৰে বন্যপ্ৰাণী সৰবৰাহৰ সন্দেহ । উল্লেখ্য যে বন্যপ্ৰাণী সৰবৰাহত গ্ৰেপ্তাৰ হোৱা লোক এজনে নিজকে সেনা বাহিনীৰ বিষয়াৰ পৰিচয় দি পৰিচয় পত্ৰ দেখুৱাইছে । আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नवरात्रोत्सवासाठी नांदर येथील श्री.रेणुका देवी मंदीर सज्ज
नवरात्रोत्सवासाठी नांदर येथील श्री.रेणुका देवी मंदीर सज्ज
વારાહી મામલતદાર કચેરીમાં આધારકાર્ડની કામગીરી ઠપ્પ | SatyaNirbhay News Channel
વારાહી મામલતદાર કચેરીમાં આધારકાર્ડની કામગીરી ઠપ્પ | SatyaNirbhay News Channel
8,000 mAh बैटरी और 8GB रैम के साथ कल भारत में लॉन्च होगी OnePlus की ये डिवाइस, यहां जानें कीमत और फीचर्स
जानी मानी स्मार्टफोन कंपनी अपने लेटेस्ट एंड्रॉइड टैबलेट को लॉन्च करने के लिए पूरी तरह तैयार है।...
Barmer: इतनी गौशालाओं के बावजूद क्यों आवारा घुम रहे छोटे छोटे बछड़े , सरकार ध्यान दें
Barmer: इतनी गौशालाओं के बावजूद क्यों आवारा घुम रहे छोटे छोटे बछड़े , सरकार ध्यान दें