ব্ৰিটেইনৰ ৰাণী এলিজাবেথ-২ৰ দেহাৱসান ঘটিছে। বাকিংহাম পেলেচে এই কথা নিশ্চিত কৰিছে। বাকিংহাম পেলেচৰ পৰা সদৰি কৰা এক বাৰ্তাত কোৱা হৈছে যে, ৰাণী এলিজাবেথ-২ আৰু নাই। স্বাস্থ্যৰ কিছু অৱনতি ঘটাত ৮ ছেপ্টেম্বৰত চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছিল। কিন্তু নিয়তিৰ ওচৰত হাৰ মানে ৰাণী এলিজাবেথ-২ য়ে। বিয়োগৰ বাৰ্তা বিয়পি পৰাৰ লগে লগে সমগ্ৰ ব্ৰিটেইনতে শোকৰ ছাঁ পৰিছে। ১৯২৬ চনৰ ২১ এপ্ৰিলত জন্ম গ্ৰহণ কৰা ৰাণী এলিজাবেথ-২ৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৯৬ বছৰ।
ৰাণী এলিজাবেথ-২ৰ মৃত্যুত ৰাষ্ট্ৰ নেতা সকলে শোক প্ৰকাশ কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাণী এলিজাবেথ-২ৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।