মাজুলীৰ পয়ালগা চিকিৎসা খণ্ড : সাধাৰণ ডায়েৰীয়াতে উপযুক্ত চিকিৎসাৰ অভাৱত সৰবৰহী যুৱক মানস বৰাৰ মৃত্যু : জিলা ঘোষণাৰ সপ্তম বৰ্ষতো নূন্যতম চিকিৎসা সেৱাৰ পৰা বঞ্চিত দুই লক্ষ মাজুলীবাসী

:এখন পূৰ্ণাংগ জিলালৈ ৰূপান্তৰ হোৱা মাজুলীৰ জনসাধাৰণে ৰাজ্যৰ অন্য জিলাৰ জনসাধাৰণৰ সমানেই সকলো ফালে সম সুবিধা লাভ কৰিবলৈ এতিয়াও বাকী। পাঁচটা বছৰৰ বাবে মাজুলীৰ পৰা প্ৰতিদ্বন্দিতা কৰা এগৰাকী জনপ্ৰতিনিধি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত থকাৰ পিছতো মৌলিক সা সুবিধা খিনিৰ পৰাও যেন বঞ্চিত মাজুলীৰ দুই লক্ষ জনসাধাৰণ। বিশেষকৈ মাজুলীৰ চিকিৎসা খণ্ডৰ পয়ালগা অৱস্থাটোকেই কোনো এখন চৰকাৰে গতি দিব নোৱাৰিলে। সোনোৱাল চৰকাৰৰ দিনত মাজুলীত এখন জিলা চিকিৎসালয় নিৰ্মাণ হ'ল যদিও চিকিৎসালয় খনত নূন্যতম চিকিৎসা সেৱাৰ পৰাও ৰাইজ বঞ্চিত হৈ আহিবলগীয়া হৈছে। দৈনিক জনমভূমি যোগে ইয়াৰ পূৰ্বে মাজুলীৰ চিকিৎসা খণ্ডৰ ভিতৰচৰাৰ কথা তথ্য সহ উদঙাই দিয়া হৈ আহিছে। উপযুক্ত চিকিৎসা সজুলি, বিশেষজ্ঞ চিকিৎসৰ অভাৱত উপযুক্ত চিকিৎসা নাপায় সাধাৰণ বেমাৰতে এতিয়ালৈকে বহুজনে মৃত্যুক আকোঁৱালি লবলগীয়া হোৱাৰ পিছতো মাজুলীৰ চিকিৎসা সেৱাৰ মানদণ্ড উন্নত নহল। যোৱাকালিও সাধাৰণ ডায়েৰীয়াতে উপযুক্ত চিকিৎসাৰ অভাৱত অতি কম বয়সৰ এগৰাকী যুৱকৰ মৃত্যুৱে পুনৰবাৰ মাজুলীৰ পয়ালগা চিকিৎসা সেৱাৰ কথা উদঙাই দিলে। জানিব পৰা মতে ৭ ছেপ্টেম্বৰত ডায়েৰীয়াত আক্রান্ত হোৱা মাজুলীৰ লাহলিয়াল গাঁৱৰ অৱসৰ প্ৰাপ্ত শিক্ষক খগেন বৰাৰ একমাত্ৰ পুত্ৰ মানস প্ৰতিম বৰাক পৰিয়ালে পুৱা প্ৰায় ৯-৩০ বজাত কমলাবাৰী সামুহিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল। দিনটো কমলাবাৰী চিকিৎসালয়ত চিকিৎসা কৰাৰ পাছত বিয়লিলৈ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গড়মূৰস্থিত জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্তি হোৱাৰ পাছতেই চিকিৎসকে মানসক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰলৈ নিবলৈ পৰামৰ্শ দিয়ে। পৰিয়ালে লগে লগে ১০৮ সেৱাৰ যোগেদি ডিব্ৰুগড়লৈ লৈ যায়। ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমৰ প্ৰৱেশ দুৱাৰ সন্মুখ পাওঁতেই মানসৰ মৃত্যু হয়। ৩o বছৰ বয়সত মৃত্যুক আঁকোৱালি লোৱা মানসে পত্নী, মাক, দেউতাক, পেহীয়েক, বায়েক সহ আত্মীয়-কুটুমক এৰি থৈ যায়। ইফালে মাজুলীৰ লাহলিয়াল গাঁৱৰ অৱসৰ প্ৰাপ্ত শিক্ষক খগেন বৰাৰ একমাত্ৰ পুত্ৰ মানস প্ৰতিম বৰাৰ অকাল বিয়োগত ম্ৰিয়মান গাঁৱখনৰ লগতে অঞ্চলবাসী।নম্ৰ, অমায়িক উদীয়মান যুৱক মানস সকলোৱে প্রিয় আছিল।মানসৰ মৃত্যুৰখবৰে সকলোকে ম্ৰিয়মান কৰি তুলিছে। উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই প্ৰথমটো ভ্ৰমণ সূচীৰে মাজুলীত উপস্থিত হৈ মাজুলী জিলা চিকিৎসালয় পৰিদৰ্শন কৰি মাজুলীৰ স্বাস্থ্য সেৱাৰ মানদণ্ড উন্নীত কৰিবলৈ প্ৰচেষ্টা লোৱাৰ কথা উল্লেখ কৰিছিল যদিও বিষয়বোৰ বাস্তৱায়িত হোৱাৰ ক্ষেত্ৰত আজিও পিছপৰিয়েই থাকিল। এনে প্ৰেক্ষাপটত অসমৰ স্বাস্থ্য বিভাগে মাজুলীৰ চিকিৎসা সেৱাৰ প্ৰতি এনে উদাসীনতা কিয় প্ৰদৰ্শন কৰিছে বুলিও মাজুলীবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে। এই সন্দৰ্ভত মাজুলী জিলা বীৰ লাচিত সেনাৰ মুখ্য সচিব সঞ্জিত অসম বৰাই কয় যে- যিসময়ত তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে মাজুলী জিলা দিৱস উদযাপন কৰিছে সেই সময়তে উন্নত চিকিৎসাৰ অভাৱত উদীয়মান যুৱকে মাজুলীত কৰুণ মৃত্যুক সাৱটিবলগীয়া হৈছে। জিলা ঘোষণাৰ ৭ টা বছৰতো চিকিৎসা খণ্ডৰ পয়ালগা ছবিয়ে মাজুলীৰ সামগ্ৰিক উন্নয়ন যে কেৱল মাথোঁ প্ৰহসন সেইয়া প্ৰতীয়মান হৈছে বুলি নেতা গৰাকীয়ে উল্লেখ কৰে। আনহাতে এখন পূৰ্ণাংগ জিলা হোৱাৰ পিছতো দুই লক্ষ মাজুলীবাসীয়ে নূন্যতম চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাত মাজুলীত এতিয়া বৌদ্ধিক জাগৰণৰ সৃষ্টি হৈছে।