অসমৰ বিদ্যালয়ত অক্সফোর্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী

দিল্লীৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ মাজত শিক্ষা ব্যৱস্থাকলৈ টুইটাৰত যুঁজ চলি থকা সময়তে অসমৰ এখন বিদ্যালয়ত অক্সফোর্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী।  

এফালে অসমৰ এখন বিশেষ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অক্সফোর্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে শিক্ষাৰ পোহৰ বিলাইছে, আফলে অসমৰ বিদ্যালয়খনৰ শিক্ষা ব্যৱস্থাৰ পৰা আহৰণ কৰিছে কিছু জ্ঞান। 

গুৱাহাটীৰ পামহীত থকা অক্সৰ ফউণ্ডেশ্যনৰ বিদ্যালয়খনত ৬ সপ্তাহ ধৰি বাহৰ পাতিছে অক্সফোর্ড বিশ্ববিদ্যালয়ৰ চাৰি শিক্ষাৰ্থীয়ে। বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলক অংক, বিজ্ঞান, ইংৰাজী বিষয়ৰ শিক্ষা প্ৰদান কৰিছে অক্সফোর্ড বিশ্ববিদ্যালয়ৰ চাৰি শিক্ষাৰ্থীয়ে।

আনহাতে অক্সৰ ফউণ্ডেশ্যনৰ বিদ্যালয়খনৰ শিক্ষা ব্যৱস্থাৰ পৰা বহু অভিজ্ঞতা আহৰণ কৰিছে অক্সফোর্ড বিশ্ববিদ্যালয়ৰ এই চাৰি শিক্ষাৰ্থীয়ে। 

অক্সৰ ফউণ্ডেশ্যনৰ বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰী সকলৰ পৰা পেলনীয়া প্লাষ্টিক সংগ্ৰহ কৰি ইয়াৰ বিনিমায়ায় শিক্ষাদান কৰে। ছাত্ৰ-ছাত্ৰী সকলৰ পৰা সংগ্ৰহ কৰা প্লাষ্টিক সমূহ বিদ্যালয়খনে পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলে। 

উল্লেখ্য যে অক্সফোর্ড বিশ্ববিদ্যালয়ৰ এই চাৰি শিক্ষাৰ্থীয়ে ৬ সপ্তাহ ধৰি গুৱাহাটীত থাকি অক্সৰ ফউণ্ডেশ্যনৰ বিদ্যালয়খনৰ লগতে গুৱাহাটীৰ দুখন চৰকাৰী বিদ্যালয়তো শিক্ষাদান কৰিছে।