মাজুলী জিলাৰ সপ্তম প্ৰতিষ্ঠা দিৱস উপলক্ষে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে আজি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা মহাবিদ্যালয়খনত উপস্থিত হয়। সাংসদ গৰাকীয়ে পুৱা ১০ বজাৰ পৰা মহাবিদ্যালয়খনৰ উদ্যোগত ডিব্ৰুগড় আদিত্য নাৰ্চিংহোমৰ বিশেষজ্ঞ চিকিৎসক সকলে আগবঢ়োৱা বিনামূলীয়া চিকিৎসা শিবিৰ পৰ্যবেক্ষণ কৰে। অন্যহাতে মহাবিদ্যালয়খনত আয়োজন কৰা ‘মৰম মাজুলী’ নামৰ অন্য এটা অনুষ্ঠানত ভাগ লৈ বিশেষ যত্নৰ প্ৰয়োজন সম্পন্ন শিশু সকল আৰু তেওঁলোকৰ অভিভাৱকসকলৰ লগত মত বিনিময় কৰাৰ লগতে বিনামূলীয়া চিকিৎসা শিবিৰ পৰিদৰ্শণ কৰি চিকিৎসক আৰু ৰোগীসকলৰ সৈতে মত বিনিময় কৰে ৷ সাংসদ গৰাকীক সংগ দিয়ে মাজুলী সমষ্টিৰ বিধায়ক ভূৱন গাম, জিলা উপায়ুক্ত পুলক মহন্ত, দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী মাধৱ দেউৰী, জিলা বিজেপিৰ সভাপতি বিৰেণ শইকীয়া, অগপৰ সভাপতি ফনীধৰ টাহু, জিলা পৰিষদৰ সদস্য দেৱজিত পাতিৰ, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সদস্য নীলকান্ত দলেয়ে৷ উল্লেখযোগ্য যে সোণালী জয়ন্তী বৰ্ষ গৰকা মহাবিদ্যালয়খনিৰ আন্তঃগাঠনি উন্নয়নৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাই আজি সাংসদ গৰাকীক লিখিতভাবে অৱগত কৰাত সাংসদ পূঁজিৰ পৰা অতি শীঘ্রে পোন্ধৰ লাখ টকা মহাবিদ্যালয়খনলৈ আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
निशुल्क नेत्र जाँच व् ओप्रेशन परामर्श शिविर पेंशनर्स का , होगा कैशलेस मोतियाबिंद ऑपरेशन।
बूंदी में राज्य कर्मचारियों पेंशनर्स तथा जरुरत मंद रोगियों व् पीड़ित मानवता की सेवा का ध्यान में...
মৰাণত চলি থকা জুৱা খেল বন্ধ কৰিবলৈ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান ৱাৰ্ড সদস্যৰ
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ সমান্তৰালভাৱে জুৱা ঘাটি উচ্ছেদ কৰিবলৈ আৰক্ষীক কঠোৰ...
હાલોલ વિધાનસભા મત વિસ્તારમાં AAP નો ચૂંટણીલક્ષી પ્રચાર પ્રસારનો ધમધમાટ.#panchmahal#halol#news
હાલોલ વિધાનસભા મત વિસ્તારમાં AAP નો ચૂંટણીલક્ષી પ્રચાર પ્રસારનો ધમધમાટ.#panchmahal#halol#news
Electric Scooter सेगमेंट में Ola फिर बनी नंबर-1, May 2024 में अन्य कंपनियों की कैसी रही बिक्री, जानें डिटेल
भारतीय बाजार में लगातार Electric Scooters की मांग में बढ़ोतरी हो रही है। मंथली बेसिस पर Ola TVS...
રતનપુર ખાતેના છોટાઉદેપુર જિલ્લા ધ્વજવંદન કાર્યક્રમ માટે પુલ ની સફાઈ તેમજ રોડ ઉપર થીંગડા મરાયા
છોટાઉદેપુર જિલ્લા ધ્વજવંદન નો કાર્યક્રમ રતનપુર ખાતે ૧૫મી ઓગસ્ટના રોજ ઉજવવાનો હોય ત્યારે...