বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই আজি 

বোকাখাত পৌৰসভাৰ বিষয়ববীয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।বোকাখাত পৌৰসভাৰ অধ্যক্ষ ৰত্নেশ্বৰ বৰুৱা, উপাধ্যক্ষ ৰাণা দেৱনাথ আৰু ৱাৰ্ড কমিছনাৰসকল, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়া সৌভিক দত্ত উপস্থিত থকা বৈঠকত বোকাখাত পৌৰ এলেকাৰ পথ, আন্তঃগাঁথনিৰ বিকাশ, সঠিক নিষ্কাশন ব্যৱস্থা, জনসাধাৰণক পৰ্যাপ্ত খোৱাপানী প্ৰদান, চৰকাৰৰ উন্নয়নমূলক আৰু কল্যাণকামী আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ সন্দৰ্ভত পৰৱৰ্তী পদক্ষেপ গ্ৰহণৰ বিষয়ে আলোচনা কৰা হয়। আনহাতে "মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ" কাৰ্যসূচীৰ অংশ হিচাপে পৌৰসভাৰ কাৰ্যালয় চৌহদত গছপুলিও ৰোপণ কৰে কেবিনেট মন্ত্ৰী অতুল বৰাই।