অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত চৰাইপুঙত ৰাজহুৱা সভা সম্পন্ন।

অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ আলোচনা অব্যাহত থকাৰ সময়তে আজি পুনৰ দ্বিতীয় লানী বৈঠক অনুষ্ঠিত হয় সীমান্তৰ চৰাইপুঙ অঞ্চলত। চৰাইদেউ জিলা প্ৰশাসনে আয়োজন কৰা ৰাজহুৱা সভাৰ জৰিয়তে বিষয়টো সন্দৰ্ভত আলোচনা কৰা হয়। ৰাজহুৱা সভাখনত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তৰ লগতে প্ৰশাসনিক বিষয়া তথা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ কাণুবাৰীৰ বিধায়ক তথা প্ৰশাসনিক বিষয়া সকলৰ লগতে দুয়োখন ৰাজ্যৰ স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। আনহাতে অসমৰ মাটি কোনো কাৰণতে অৰুণাচল প্ৰদেশক এৰি দিয়া নহ'ব বুলি সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মন্তব্য কৰে ৰাজহুৱা সভা খনত।