৩০ জুলাই ২০২২ :::
গোলাঘাট বন সংমণ্ডলৰ অন্তৰ্গত বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ বকিয়াল চাহ বাগিচাৰ নলাত পৰা এটি নৱজাতক হাতী পোৱালীক লৈ আজি বিয়লী ব্যস্ত হৈ পৰে বাগিচা কৰ্তৃপক্ষ , শ্ৰমিক আৰু বন বিভাগ ৷ বকিয়ালৰ ২ নং বুঢ়াগোহাঁইখাট গাৱঁৰ এখন সৰু হাবিত ভূমিষ্ঠ হোৱা হাতী পোৱালীটো মাতৃসহ আন এটা হাতীৰ সৈতে হাতীৰ জাকৰ লগ লবলৈ গৈ থকা অবস্থাত বাগিচাৰ নলাত পৰি পোৱালীটো আবদ্ধ হৈ পৰে। মৰম লগা হাতী পোৱালিটো নলাত পৰাৰ পিছত মাতৃসহ আনটো হাতীয়ে পোৱালিটো উদ্ধাৰৰ চেষ্টা চলাই যদিও বিফল হয়। বকিয়াল বন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ এক্সকেভেটৰৰ সহায়ত স্থানীয় লোকৰ সহযোগত নিৰ্বিঘ্নে হাতী পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মাতৃ পোৱালীসহ বৰ্তমান সুৰক্ষিত স্থান অৱস্থান কৰি আছে।