চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে আকাশদ্বীপে

চৰাইদেউ জিলাৰ এক ভিতৰুৱা স্থান কাকতিবাৰি দাধৰা অঞ্চলৰ খেলুৱৈ আকাশদ্বীপ গগৈয়ে ইউনিফাইড কাৰাটে এচোছিয়েশ্যনৰ আধিনত মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা নেচনেল কাৰাটে চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰাত যোৱা কালি গুৱাহাটীৰ ইউনিফাইড কাৰাটে এচোছিয়েশ্যনৰ বাৰ্ষিক সাধাৰণ সভাত উক্ত পদকটি প্ৰদান কৰা হয়।প্ৰতিভাৱান খেলুৱৈজনৰ এনে সফলতাত জিলাখনৰ বিভিন্ন দল-সংগঠনে খেলুৱৈজনক শুভেচ্ছা জ্ঞাপন কৰিছে।