দুৰ্নীতি শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে বৰলদনি উন্নয়ন খণ্ড কাৰ্যালয়ত উত্তাল প্ৰতিবাদ কৃষক মুক্তিৰ। বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৩খন গাওঁ পঞ্চায়ত PMAY(G) গৃহৰ দূৰ্নীতি অনিয়মৰ বিৰুদ্ধে এই প্ৰতিবাদ। তাৰোপৰি প্ৰকৃত হিতাধিকাৰীক চৰকাৰী আৱাসগৃহ প্ৰদান কৰা,  MGNREGA আচঁনিৰ দূৰ্নীতিৰ তদন্ত কৰি আইনী ব্যৱস্থাৰ গ্ৰহন কৰা, জৰ্বকাডৰ হিতাধিকাৰীক ১০০ দিনৰ কাম প্ৰদান কৰা, অৰুনোদয় আচঁনিৰ প্ৰকৃত হিতাধিকাৰীক প্ৰদান কৰা আদিৰ দাবীত উত্তাল প্ৰতিবাদ কৰে দুই শতাধিক প্ৰতিবাদকাৰীয়ে।