মৰাণৰ টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানত চলিত বৰ্ষৰ পৰা দুবছৰীয়া টাই ভাষা পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অনুমতি প্ৰদান কৰিছে৷ উল্লেখ্য যে, ২০১৫ চনৰ পৰা তিনিমহীয়া টাই ভাষাৰ কথোপকথন পাঠ্যক্ৰমৰ লগতে এবছৰীয়া টাই ভাষা চাৰ্টিফিকেট পাঠ্যক্ৰমও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত শিক্ষাদান কৰি থকা হৈছে প্ৰতিষ্ঠানটোত৷ টাই ভাষা শিকিবৰ বাবে এই পাঠ্যক্ৰমকেইটিত নাম ভৰ্তি কৰিব বিচৰাসকলে ০৯৪৩৫১৩২৫০৫, ০৯৪৩৫৪৭৫৩৬৯ আৰু ০৮৭৫১৮৭১০৪২ নম্বৰত যোগাযোগ কৰিব পাৰিব৷ বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড॰ গিৰিণ ফুকনে এই কথা সদৰি কৰে৷ 

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं