বুধবাৰে তিনিচুকীয়াৰ বৰগুৰিস্থিত জিলা বিজেপিৰ নৱনিৰ্মিত কাৰ্য্যালয়ত বিজেপিৰ সামাজিক মাধ্যম কোষৰ এখন  গুৰুত্বপূৰ্ণ  সাংগঠনিক সভা  অনুষ্ঠিত হয় ।

বিজেপিৰ  সামাজিক মাধ্যম কোষৰ অসমৰ আহ্বায়ক  পলাশ লাহনৰ লগতে  অসম উদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায়ৰ উপস্থিতিত অনুষ্ঠিত হোৱা সাংগঠনিক সভাত বিজেপিৰ সামাজিক মাধ্যম কোষৰ  ওপৰত আলোচনা কৰা পৰিলক্ষিত হয় ।

সভাখনত  তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কোশকান্ত বড়াৰ লগতে জিলা বিজেপিৰ  বহুকেইগৰাকী জেষ্ঠ নেতা উপস্থিত থাকে ।