◆অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই আজি বিয়লি যোৰহাটৰ তৰাজান সোণাৰী গাঁওস্থিত 'ৰাজপ্ৰিয়ম নাৰ্চাৰী' পৰিদৰ্শন কৰে। নাৰ্চাৰীখন পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে নাৰ্চাৰীখনত উৎপাদিত উন্নতমানৰ পুলি আৰু বীজসমূহ দেখি সন্তোষ প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে নাৰ্চাৰীখনৰ লগত জড়িত ব্যক্তিসকলৰ লগত সৌহাদ্যপূৰ্ণ বাৰ্তালাপতো মিলিত হয়। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰে যোৰহাট জিলা কৃষি বিষয়া ড° নিতুমণি গগৈ, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া প্ৰাঞ্জল হাজৰিকা, নকছাৰী কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া ৰূপম কাকতি, যোৰহাট জিলাৰ মেডিয়া বিশেষজ্ঞ আভা ভৰালী আৰু জিলা কৃষি বাণিজ্য সমন্বয়ক আট্ৰিকা মুদৈয়ে। 

উল্লেখযোগ্য যে 'ৰাজপ্ৰিয়ম নাৰ্চাৰী' অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প (এপাৰ্ট)ৰ অধীনত প্ৰতিপালিত। হিতাধিকাৰী মুকুন্দ ৰাজখোৱাৰ নাৰ্চাৰীখনে ইনড'ৰ-আউটড'ৰ গাৰ্ডেনিঙৰ সম্ভাৰ, উন্নতমানৰ ফলমূল, শাকপাচলি, ফুলৰ গুটি আৰু পুলি,মাটি আৰু প্লাষ্টিক টিউব, কেঁচুসাৰ ইত্যাদিৰ যোগান ধৰে। যোৰহাটৰ লগতে উজনি অসমৰ বিভিন্ন জিলালৈ বিশেষকৈ শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়ালৈ নাৰ্চাৰীখনে সামগ্ৰী প্ৰেৰণ কৰি আহিছে‌। বৰ্তমান তেওঁ নাগালেণ্ডৰ ডিমাপুৰলৈও সামগ্ৰী প্ৰেৰণ কৰিছে। সৰুৰেপৰাই গছ ভালপোৱা মুকুন্দ ৰাজখোৱাই পিতৃৰ সৰু নাৰ্চাৰীখনক ব্যৱসায়িক ভিত্তিত প্ৰসাৰিত কৰে। ১৯৮৬ চনত পঞ্জীয়ন হোৱা আৰু কৃষি বিভাগৰপৰা অৰ্থসাহায্য লাভ কৰা নাৰ্চাৰীখনত ৰাজখোৱাই ১৭ জন কৰ্মচাৰী নিয়মিতভাৱে জড়িত কৰি আহিছে।