অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীলৈ জাননী জাৰি কৰিছে ন্যায়িক আয়োগে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ দ্বাৰা গঠিত ন্যায়িক আয়োগে জাননী জাৰি কৰিছে সদ্য নিযুক্তিপ্ৰাপ্ত এ পি এছ চিৰ অধ্যক্ষ গৰাকীলৈ।
প্ৰণিধানযোগ্য যে ন্যায়িক আয়োগে ৰাকেশ পালৰ কাৰ্যকালত এ পি এছ চিত ধনৰ বিনিময়ত চাকৰি প্ৰদান কৰাৰ বিৰুদ্ধে তদন্ত আয়োগৰ। ২০১৪ চনত হোৱা কেলেংকাৰীৰ সময়ত ভাৰত ভূষণ দেৱ চৌধুৰী এ পি এছ চিৰ প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক আছিল।