ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে আজি গোলাঘাটতো আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। চেলেঙিস্থিত বীৰাঙ্গনা সতী সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ। ইয়াৰোপৰি অনুষ্ঠানত গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা, গোলাঘাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক  সমীৰণ বৰা উপস্থিত থাকে।

সভাত গোলাঘাট জিলাৰ বিভিন্ন বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰী সকলক আনুষ্ঠানিক ভাৱে বঁটাৰ প্ৰমাণ পত্ৰ সমূহ বিতৰণ কৰা হয়।