চিলাপথাৰ টাউন মহাবিদ্যালয়ত স্মাৰক বক্তৃতা অনুষ্ঠান, নৱাগত আদৰণি সভাতলে//লেখক, বুদ্ধিজীৱী, চিন্তাবিদ সমালোচক ময়ূৰ বৰাৰ অংশগ্ৰহণ
অসমীয়া বিভাগৰ বাৰ্ষিক আলোচনী 'সৃজনী' উন্মোচন
উত্তৰ অসমৰ ধেমাজি জিলাৰ বানিজ্যিক নগৰী চিলাপথাৰস্হিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান চিলাপথাৰ টাউন মহাবিদ্যালয়ত আজি এক স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয় । মহাবিদ্যালয়ৰ গৱেষণা আৰু উন্নয়ন কোষৰ উদ্যোগত, আভ্যন্তৰীন মাণনিৰূপন কোষ আৰু অসমীয়া বিভাগৰ সহযোগত 'ইতিহাস লভ্য শিক্ষা ব্যৱস্থা আৰু অসমীয়া জাতি' বিষয়লৈ এক স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠানৰ আয়োজন কৰা হয়। গৱেষণা আৰু উন্নয়ন কোষৰ সমন্ধয়ক তথা অসমীয়া বিভাগৰ মুৰব্বী যোগানন্দ গগৈয়ে আতধৰা অনুষ্ঠানত অসমৰ বিশিষ্ট লেখক, বুদ্ধিজীৱী, চিন্তাবিদ সমালোচক ময়ূৰ বৰাই অংশগ্ৰহণ কৰি ইতিহাস লভ্য শিক্ষা ব্যৱস্থা আৰু অসমীয়া জাতিৰ ওপৰত বক্তৃতা প্ৰদান কৰে। সমান্তৰালকৈ আজি মহাবিদ্যালয়ৰ ৩০ সংখ্যক নৱাগত আদৰণি সভাৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিবেশন কৰা সমবেদ সংগীতেৰে আৰম্ভ হোৱা আদৰণি সভাত উপাধ্যক্ষ দেৱজিৎ সোনোৱালে সভাপতিত্ব কৰা সভাত অসমীয়া বিভাগীয় বাৰ্ষিক আলোচনী 'সৃজনী' উন্মোচন কৰি শিক্ষাবিদ , চিন্তাবিদ লেখক ময়ূৰ বৰাই উন্মোচনী ভাষণ ত কয় যে অসমীয়া ভাষা উত্তৰণ ভালপোৱা চিন্তাধাৰা থকা মহাবিদ্যালখনেই হৈছে চিলাপথাৰ টাউন মহাবিদ্যালয়। যত আছে অসমীয়া , মিচিং , বাঙালী , হিন্দী ভাষীকে ধৰি বিভিন্ন ভাষাৰ জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীৰ এক মিলন ভূমি। লগতে মহাবিদ্যালয়ৰ গ্ৰহন কৰা কেতবোৰ পদেক্ষেপক মনৰ পৰা আদৰণি জনাই আৰু বাৰ্ষিক আলোচনী সৃজনী উন্মোচন কৰি খুবেই আনন্দ হোৱা বুলি মত পোষণ কৰে। সভাত আমন্ত্ৰিত অতিথি হিচাপে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰণজিৎ শইকীয়াই কয় যে মহাবিদ্যালয়ত কেৱল ছাত্ৰ ছাত্ৰী আহিলেই নহ'ব ছাত্ৰ ছাত্ৰীসকল হৈছে দেশৰ ভৱিষ্যত তেওঁ লোকক যাতে উপযুক্ত শিক্ষা প্ৰদান কৰা যায় তাৰ দ্বায়িত্ব ও বহন কৰিব লাগিব মহাবিদ্যালয়ে। সভাত আভ্যন্তৰীণ মান নিৰূপন কোষৰ সমন্ধয়ক ড০ দণ্ডিৰাম পেগু, শিক্ষক গোটৰ সম্পাদক দ্বিপমজ্যোতি গগৈ, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তুলেশ্বৰ গগৈ, মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীকে প্ৰায় তিনি শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা মাজে গীত নৃত্যৰে জীপাল কৰি তুলে সমূগ্ৰ অনুষ্ঠানটি।