বিলাসীপাৰাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত ভুমিহীন পৰিয়ালক মাটিৰ পট্টা দিয়া আৰু উচ্ছেদিত ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপন দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ত সন্মুখত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সাব্যস্ত এই প্ৰতিবাদ। বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মূৰ্দাবাদ,হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ,ভূমিহীন পৰিয়ালক মাটি পট্টা দিয়ক,ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপন দিয়ক,পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ কৰক, আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুয়োটাই। অতি শীঘ্ৰে বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত ভুমিহীন পৰিয়ালক মাটিৰ পট্টা দিয়া আৰু উচ্ছেদিত ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ নকৰিলে ৰাজ পথত আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠন দুয়োটাই। এই প্ৰতিবাদৰ মাধ্যমৰে বিলাসীপাৰা মহকুমাধিপতি শ্ৰী জয় শিৱানীৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে।