ভাৰতীয় জনতা যুৱ মৰ্চা শদিয়া জিলা সমিতিৰ কাকপথাৰ সামূহিক কেন্দ্ৰত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত।

ভাৰতীয় জনতা যুৱ মৰ্চা শদিয়া জিলা সমিতিৰ আজি কাকপথাৰ সামূহিক কেন্দ্ৰত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। শদিয়া জিলা সমিতিৰ সভাপতি বলীন হাতীবৰুৱাৰ সভাপতিত্বত কাৰ্যনিৰ্বাহক সভাত শদিয়া জিলা যুৱ মৰ্চাৰ প্ৰভাৰী প্ৰশান্ত শৰ্মা, ৰাজ্যিক সদস্যা শ্ৰীমতী উৰ্মী বুঢ়াগোহাঁই, শদিয়া জিলা বিজেপিৰ সাধাৰণ সম্পাদক কৈলাশ গৌতম, সম্পাদক সীমান্ত মৰাণ, সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পৰ তিনিচুকীয়া জিলাৰ উপাধ্যক্ষ প্ৰণৱ শইকীয়া, কাকপথাৰ মণ্ডল বিজেপিৰ সভাপতি পাপু শইকীয়া, শদিয়া জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদকদ্বয় প্ৰশান্ত বাউলাৰী আৰু জয়ন্ত নাৰ্জাৰী, প্ৰকাশন কোষৰ আহ্বায়ক দিব্যজ্যোতি বড়া, সংশ্লিষ্ট পঞ্চায়তৰ প্ৰতিনিধি তথা মৰ্চাৰ যুৱক সকলে অংশ গ্ৰহণ কৰে।