অসম আৰক্ষী সেৱাৰ সুদক্ষ বিষয়া ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞাক গুৱাহাটীলৈ বদলি কৰা হৈছে।ৰাজ্য গৃহ বিভাগৰ এক নিৰ্দেশনা অনুসৰি ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞাক গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ (গোপনীয় শাখা)উপ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰি ঢকুৱাখনাত শোধন্য শুক্লবৈদ্যক মহকুমা আৰক্ষী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।

নৱ নিযুক্ত মহকুমা আৰক্ষী বিষয়া শুক্লবৈদ্যই শোণিতপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক (সীমান্ত)হিচাপে কৰ্মৰত হৈ আছে।ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱ প্ৰসাদ মিশ্ৰ স্বাক্ষৰিত  এইচ এম এ /৮৯৫/২০০৭/৫৯-বি নং নিৰ্দেশনা যোগে সোমবাৰে এই নিৰ্দেশনা জাৰি কৰে।