২০২১ বৰ্ষৰ ৮ ছেপ্তেম্বৰ এটা অভিশপ্ত দিন ৷ আজি এটা বছৰ সম্পূৰ্ণ হোৱা দিনটোতেই পুনৰ এক অভিশপ্ত ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰিল এখন ফেৰি ৷ আজি দুপৰীয়া ১১:৩০ বজাত মাজুলী কমলাবাৰীলৈ আহিবলৈ লোৱা 'জলতৰী' নামৰ ফেৰিখনত সংঘটিত হৈছিল এই ঘটনা ৷ ফেৰি খনৰ কুমুদেৰে সোমাইছিল পানী ৷ আতংকিত ফেৰী যাত্ৰী ৷
ঈশ্বৰে মংগল কৰিলে : পুনৰ সংঘটিত হব লগা ফেৰি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ৮০ জন যাত্ৰী ৷
ঈশ্বৰক ধন্যবাদ জনালে ফেৰি খনত অহা যাত্ৰীয়ে ৷
জনসাধাৰণৰ জীৱনৰ লগত জল পৰিবহণ বিভাগক হেতালি নেখেলিবৈ আহ্বান ভুক্তভোগীৰ