হোজাইত ইউৰিয়া সাৰৰ ছিণ্ডিকেট।কলা বজাৰত চলিছে ইউৰিয়া সাৰৰ বেহা।ইউৰিয়া সাৰ নাপাই পথ অৱৰোধৰে কৃষকৰ উত্তাল প্ৰতিবাদ।

হয় ৰাজ্যত এতিয়া নাটনি হৈছে ইউৰিয়া সাৰৰ।ফলত মাহকে মাহ ইউৰিয়া সাৰ নাপাই ৰাজপথত নামি কৃষকে কৰিছে উত্তাল প্ৰতিবাদ।এই দৃশ্য হোজাইৰ ।হোজাইৰ বিভিন্ন স্থানৰ পৰা অহা কৃষকে বুধবাৰে পুৱাই হোজাইৰ আদৰ্শ বজাৰত মূল পথ অৱৰোধ কৰি চলি থকা সাৰৰ কলা বজাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।পৰৱৰ্তী সময়ত চক্ৰ বিষয়া আৰু আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও কৃষক সকলে পৰিস্থিতি উত্তপ্ত কৰি ৰাখে।প্ৰতিবাদী সকলে সাৰ যোগান ধৰাৰ দাবী জনোৱাত আৰক্ষীয়ে কৃষক কেন্দ্ৰৰ দোকান খোলাই সাৰ দিয়াৰ এক ব্যৱস্থা কৰে ।ইফালে চতুৰ দোকানীয়ে আজি সাৰ নিদি কেৱল টোকন যোগান ধৰিয়েই কৃষক সকলক উভতাই পঠাই যদিও পুৱা ৩/৪ বজাৰ পৰা দীঘল শাৰী পাতিও সাৰ নোপোৱাত হোজাইত সাৰৰ কলা বজাৰ চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।এতিয়া প্ৰশ্ন হয় সাৰৰ বাবে ৰাজপথত নামি অহা কৃষকৰ প্ৰতিবাদে ভাঙিবনে গভীৰ নিদ্ৰাত থকা হোজাই কৃষি বিভাগক।