আজি বিশ্বজুৰি মানৱ জাতিয়ে সম্মুখীন হোৱা পৰিৱেশৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে জলবায়ু পৰিৱর্তন । শেহতীয়াকৈ দৃশ্যমান হোৱা বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ লগতে প্রবল বৃষ্টিপাত , খৰাং সদৃশ পৰিস্থিতি আদিৰ দৰে চৰম বতৰৰ পৰিঘটনাবোৰে এনে পৰিৱৰ্তনৰেই ইংগিত বহন কৰে । উত্তৰ - পূৱ ভাৰত হল পূর্ব হিমালয় আৰু ভাৰত - বাৰ্মাৰ জীৱ বৈচিত্র্য ' হটস্পটৰ সংগমস্থলী । বিশেষ ভৌগলিক অৱস্থান , সংবেদনশীল পৰিৱেশ তন্ত্র , আন্তঃৰাষ্ট্ৰীয়ভাৱে ব্যাপ্ত নদী অববাহিকা আৰু সামাজিক - জনগাঁথনিৰ কাৰকসমূহৰ বাবে উত্তৰ - পূৱ ভাৰতত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অধিক সংকটপূর্ণ হ'ব পাৰে । অৱশ্যে জলবায়ু পৰিৱৰ্তন প্রশমণৰ বাবে গছপুলি ৰোপণ আৰু গছ গছনিৰ প্ৰাকৃতিকভাৱে পুনৰাবর্তন হয় মূল চাবিকাঠি । এই উদ্দেশ্য আগত ৰাখি আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্রাসৰ বাবে গছ - গছনিৰে সেউজী আৱৰণ বৃদ্ধি কৰা আৰু সকলো চৰকাৰী চৌহদৰ নান্দনিক সৌন্দৰ্যৰ সংবর্ধন কৰাৰ বাবে “ মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্প ” ( চি এম আই পি পি ) ৰ অধীনত এক ব্যৱহাৰিক , বহনক্ষম আৰু প্রাতিষ্ঠানিক বৃক্ষ - ৰোপণ কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে । চলিত বৰ্ষৰ ১৫ জুলাইৰ পৰা ১৫ আগষ্টৰ ভিতৰত দীর্ঘস্থায়ী উদ্দেশ্যৰে ৰূপায়ণ কৰিব খোজা এই কাৰ্যসূচীৰ তত্ত্বাবধানত আছে অসম চৰকাৰৰ বিজ্ঞান , প্রযুক্তি আৰু জলবায়ু পৰিৱর্তন বিভাগ ।এই প্ৰকল্পৰ উদ্দেশ্যসমূহ হৈছে ব্যাপক ৰূপত গছপুলি ৰোপণৰ জৰিয়তে কাৰ্বন ভাণ্ডাৰ বৃদ্ধি কৰা , ঔষধি আৰু ফলমূলৰ উদ্ভিদকে ধৰি গুৰুত্বপূর্ণ থলুৱা উদ্ভিদ প্রজাতিৰ সংৰক্ষণ কৰা ,অধিক সেউজ আৱৰণেৰে প্রাতিষ্ঠানিক চৌহদৰ সৌন্দর্য বৃদ্ধি কৰা ,জলবায়ু পৰিৱর্তন প্রশমনত সামূহিক অংশগ্ৰহণৰ বাবে সজাগতা সৃষ্টি কৰা ,পৰিৱেশ সংৰক্ষণৰ যোগেদি জীৱনৰ সৌন্দর্য বৃদ্ধি কৰা ,আমাৰ চৌপাশে নির্মল বায়ু লাভৰ বাবে প্ৰয়াস অটুট ৰখা ।
মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্প হিচাপে চৰকাৰী প্ৰতিষ্ঠানৰ চৌহদত গছপুলি ৰোপণ অভিযানত সকলো চৰকাৰী কৰ্মচাৰীয়ে ভাগ ল'ব পাৰিব । ৰোপণ কৰা দিনৰেপৰা গছজোপাৰ দায়িত্ব লৈ ডাঙৰ হোৱালৈ ইয়াৰ প্ৰতিপালন কৰিব লাগিব । অসম চৰকাৰৰ অধীনৰ সকলো কৰ্মচাৰী, অসম চৰকাৰৰ অধীনৰ শিক্ষানুষ্ঠানৰ সকলো শিক্ষক , আন কৰ্মচাৰী আৰু ছাত্ৰ - ছাত্ৰী ,স্বায়ত্তশাসিত পৰিষদ / সংস্থা নিগম / সংগঠন / পঞ্চায়তী ৰাজ প্রতিষ্ঠান / পৌৰ নিকায়ৰ সকলো সদস্য এই প্ৰকল্পৰ অংশীদাৰী হ'ব ।কাৰ্যসূচীৰ অংশীদাৰসকলে মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক প্ৰতিষ্ঠানৰ চৌহদৰ ভিতৰত গছপুলি ৰোপণৰ বাবে উপযুক্ত ঠাই বিচাৰি উলিয়াই গছপুলি ৰোৱাৰ বাবে উপলব্ধ স্থানৰ কালি নির্ণয় কৰিব আৰু লিপিবদ্ধ কৰাৰ লগতে ৰোপণ কৰিবলগীয়া গছপুলিৰ আনুমানিক সংখ্যা নিৰ্ধাৰণ কৰিব । বৈজ্ঞানিক পদ্ধতিৰে গছপুলি ৰোৱাৰ স্থানৰ - গাঁত খন্দা , জৈৱিক সাৰ প্ৰয়োগ কৰা , বেৰ দিয়া ইত্যাদি কামবোৰো অংশীদাৰীসকলৰ প্ৰাথমিক দায়িত্ব হ'ব। অসম চৰকাৰে প্ৰস্তুত কৰা এই আঁচনিৰ পুস্তিকাত দিয়া তালিকাৰ পৰা উপযুক্ত উদ্ভিদ প্রজাতি বা স্থানীয়ভাৱে উপলব্ধ থলুৱা উদ্ভিদ প্রজাতি ৰোপণ কৰিব পাৰিব । প্ৰতিষ্ঠানৰ চৌহদত উপলব্ধ ঠাই আৰু নান্দনিক সৌন্দৰ্য্যৰ প্ৰতি দৃষ্টি ৰাখি উদ্ভিদ প্রজাতিৰ আকাৰ ( সৰু / মজলীয়া / ডাঙৰ ) নিৰ্বাচন কৰিব লাগিব । ঘৰৰ বাগিচাত স্থানীয়ভাৱে উপলব্ধ গছপুলিৰ লগতে নাৰ্চাৰী , বন বিভাগ , স্থানীয় কৃষি বা উদ্যান শস্য বিভাগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি গছপুলি সংগ্ৰহ কৰিব লাগিব । অসম চৰকাৰে প্ৰস্তুত কৰা আঁচনিৰ পুস্তিকাত ৰোপণৰ নিৰ্দেশিকাও প্ৰদান কৰা হৈছে ।
যদি ৰোপণ কৰা পুলিটো জীয়াই নাথাকে তেন্তে তৎক্ষণাত তাৰ ঠাইত সুস্থ পুলি এটা ৰুই দিয়াৰ আহ্বান জনোৱা হৈছে ।ৰোৱা গছপুলিটো আপোন সন্তান যেন কৰি লোৱাৰ লগতে আঠ ফুটমান ওখ নোহোৱালৈ যত্ন ল'বলৈ কোৱা হৈছে । www.shyamaleechouhad.assam.gov.in ৱেবচাইটত নিজৰ চৰকাৰী কৰ্মস্থলী পঞ্জীয়ন কৰি গছপুলিটো ৰোৱাৰ পিছত নিজ নিজ ' ইউজাৰ আইডি ( user ID ) আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি মোবাইল এপত ' লগইন ' কৰিব লাগিব । ( এপটো গুগল প্লেষ্টোৰ বা www.shyamaleechouhad.assam.gov.in ৰ পৰা ডাউনলোড কৰিব পৰা যাব ) । মোবাইল এপৰ জৰিয়তে গছপুলিৰ ছবি তুলি লৈ অংশীদাৰীসকলে নিজৰ ভৌগোলিক অৱস্থানৰ সৈতে ( ম'বাইল ফ'নৰ location অন কৰি ) ৱেব পটেল- www.shyamaleechouhad.assam.gov.in ত আপলোড কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে । ভৌগোলিক অবস্থানসহ ফটোবোৰত উদ্ভিদৰ প্ৰজাতিৰ নাম , ৰোপণৰ তাৰিখ , ৰোপণকাৰীৰ নাম , উদ্ভিদৰ ব্যৱহাৰ আৰু লাভৰ বিৱৰণ থাকিব লাগিব । ৰোপণকাৰীসকলে ৰোপণ কৰা গছপুলিৰ বৃদ্ধিৰ ফটো ভৌগোলিক অবস্থানৰ সৈতে প্রতি তিনি মাহৰ মূৰে মূৰে ৱেবছাইটত আপডেট কৰিব লাগিব ● ৱেব পৰ্টেলৰ জৰিয়তে ভৌগোলিক অবস্থানসহ ফটোবোৰ আপলোড কৰিব পাৰিব ।
ড° হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ পাতনিতে কৈছে ---" অনাদি কালৰে পৰা সমগ্ৰ বিশ্বতে গছবোৰক শ্ৰদ্ধা কৰা হৈছে আৰু ইহঁতে মানৱ কল্যাণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ আচলতে গছ পূজা ধৰ্মৰ অন্যতম প্ৰাচীন আৰু প্ৰচলিত ৰূপ । পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে প্ৰকৃতিৰ সৈতে সুসামঞ্জস্যপূৰ্ণভাৱে জীয়াই থকাৰ পৰম্পৰাটোক ভালদৰে আলোকপাত কৰিছিল আদিম যুগৰ দূৰদৰ্শীসকলে ।৷ মই সুখী হৈছো যে ভৱিষ্যতৰ বাবে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ দৃষ্টিভংগীৰ সৈতে মিলি , বিজ্ঞান , প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগে ১৫ জুলাইৰ পৰা ১৫ আগষ্ট, ২০২২ লৈকে মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বাগিচা কাৰ্যসূচী ( CMIPP ) ৰূপায়ণ কৰিবলৈ ওলাইছে । এই আঁচনিৰ অধীনত প্ৰতিষ্ঠানিক চৌহদত উদ্ভিদ প্ৰজাতিৰ থলুৱা পুলি ৰোপণ কৰা হ’ব , যাৰ পিছত বিষয়াসকলে সঠিক যত্ন ল’ব আৰু এটা নিৰ্দিষ্ট ৱেব-পৰ্টেলৰ জৰিয়তে নিৰীক্ষণ কৰা হ’ব য’ত প্ৰতিষ্ঠানসমূহে জিঅ’-টেগ কৰা উদ্ভিদৰ ফটোসমূহ আপলোড কৰি থাকিব তিনি বছৰৰ বাবে । মই নিশ্চিত যে এই পদক্ষেপে কাৰ্বন মজুত বৃদ্ধি কৰা , থলুৱা প্ৰজাতিৰ উদ্ভিদৰ সংৰক্ষণ , চৌহদত সেউজীয়া আৱৰণ বজাই ৰখা আৰু জলবায়ু পৰিৱৰ্তন প্ৰশমনত সামূহিক অংশগ্ৰহণৰ বাবে সজাগতা সৃষ্টি কৰাত এক উল্লেখযোগ্য সহায়ক হ ’ ব৷ মই সকলো অংশীদাৰক এই কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ইয়াক এক গণ আন্দোলন হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছো ৷ "