"কৰম পৰৱ"ৰ চৰকাৰী ছুটী অমান্য কৰাৰ অভিযোগ শ্ৰমিক সংগঠন ACMS ৰ বিৰুদ্ধে।

"কৰম পৰৱ"ৰ চৰকাৰী ছুটী নামানিলে শ্ৰমিক সংগঠন ACMS. য়ে 

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এক গুৰুত্বপূৰ্ণ অধিসূচনাক শ্ৰমিক সংগঠন ACMS য়ে অৱমাননা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল-সংগঠনে | চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ "কৰম পৰৱ" উপলক্ষে 6 চেপ্তেম্বৰ তাৰিখে ৰাজ্যখনৰ চাহ বাগিচা সমুহ বন্ধ ঘোষনা কৰি ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগে 5 চেপ্তেম্বৰ তাৰিখে এক অধিসূচনা জাৰি কৰিছিল কিন্তু দেখিবলৈ পোৱা গল চাহ শ্ৰমিকে চৰকাৰী অধিসূচনাক অমান্য কৰি বাগিচাত কাম অব্যাহত ৰখাৰ দৃশ্য দেখি সৰৱ হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতিয়ে | আনহাতে শ্ৰমিক সকলৰ কৰম পৰৱ উপলক্ষ্যে বন্ধ ঘোষণা কৰাৰ কথা অৱগত নহয় বুলি উল্লেখ কৰে সাধাৰণ চাহ শ্ৰমিক সকলে।