বীৰ লাচিত সেনাৰ ৪ গৰাকী সৈনিকৰ মুক্তিৰ দাবীত ডুমডুমাত প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ।

বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় আৰু গুৱাহাটী মহানগৰ সমিতিৰ ৪ গৰাকী সৈনিকক আটক কৰাৰ কায্যৰ বিৰোধিতাৰে সৈনিক কেইগৰাকীৰ মুক্তিৰ দাবীত ডুমডুমাত প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাৰ ডুমডুমা আঞ্চলিক সমিতিয়ে।

হিমন্ত বিশ্ব শৰ্মা গ বেক, অসম চৰকাৰ হায় হায়, অনা অসমীয়াৰ দপ দপনি অসমত চলিবলৈ দিয়া নহব, বীৰ লাচিত সেনাৰ ৪ গৰাকী সৈনিকক মুক্তি দিয়ক, আদি ধ্বনিৰে উত্তাল কৰি তোলে ডুমডুমা।

মংগল বাৰে সন্ধিয়া বীৰ লাচিত সেনাৰ ডুমডুমা আঞ্চলিক সমিতিৰ ডুমডুমা স্থিত গান্ধী মূৰ্তিৰ সমীপত এই উত্তাল প্ৰতিবাদী কাৰ্যসূচী।