আজিৰ ব্যস্ততা পূৰ্ন জীৱনত নিজৰ শৰীৰ সুস্থ কৰি ৰাখিবলৈ যোগ প্ৰনায়ামৰ বহু প্ৰয়োজনীয় হৈ পৰিল।
ৰহা পতঞ্জলি যোগ সমিতিৰ উদ্যোগ ত যোবা সাত বছৰৰ পৰা বিনামূলীয়াকে যোগ প্ৰশিক্ষণ দি থকাৰ সমান্তৰাল কে যোবা ১০ চেপ্তেম্বৰ ৰ পৰা মহেন্দ্ৰ হাজৰিকা স্মৃতি ভবনত১০০ ঘন্টীয়া সহ যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰ চলি আছে আৰু প্ৰশিক্ষণ ত বৃহতৰ ৰহা আঞ্চলৰ শতাধিক পুৰুষ, মহিলা,যুৱক, যুৱতীয়ে প্ৰশিক্ষণ লৈ আছে।
ইয়াৰ লগতে অহা ১৯চেপ্তেম্বৰৰ পৰা ৰহা মহাবিদ্যালয় প্ৰেক্ষাগৃহ ত অৰ্থশাস্ত্ৰ আৰু হিষ্ট্ৰী বিভাগৰ উদ্যোগত আৰু ৰহা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী গোটৰ সৌজন্যত দহ দিনীয়া যোগ প্ৰশিক্ষণ শিবিৰ পূবা ৯বজাৰ পৰী অনুষ্ঠিত হব।
এই যোগ প্ৰশিক্ষণ শিবিৰ ত প্ৰশিক্ষণ দিব যোগ শিক্ষক সঞ্জয় কুমাৰ কাকতিয়ে।