ধেমাজি,৬ ছেপ্টেম্বৰ: চাহ জনগোষ্ঠীৰ পৱিত্ৰ কৰম পূজা উপলক্ষে সদৰত সমুহ অসমবাসীলৈ এ জে ৱাই পিৰ শুভেচ্ছা জ্ঞাপন

আজি চাহ জনগোষ্ঠীৰ পৱিত্ৰ উৎসৱ কৰম পূজা। ধেমাজি সদৰত সমূহ অসমবাসীলৈ অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতি সাধাৰণ সম্পাদক ত্ৰৈলোক্য তামুলীয়ে জাতীয় উৎসৱ কৰম পৰৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

এই কৰমৰ জৰিয়তে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়, সংস্কৃতি, একতা আৰু বিস্বাস অধিক শক্তিশালী হওক । বিশ্ব দৰবাৰত উজ্বল তাৰকাৰ দৰে উজ্বলি উঠক তাৰে কামনা কৰে বুলি মন্তব্য প্ৰকাশ কৰে।