১ আগষ্টত মুকলি হ'ব নিৰ্বাচন আয়োগৰ নতুন প্ৰপত্ৰ। নতুন নিৰ্বাচনী প্ৰপত্ৰ আৰু নিৰ্বাচনী আইন আৰু নিয়মৰ সংশোধনৰ ওপৰত সংবাদমেল সম্বোধন কৰি এই কথা জানিব দিয়ে মুখ্য নিৰ্বাচনী বিষয়া নিতীন খাড়েই।
নতুন প্ৰপত্ৰৰ জৰিয়তে আধাৰ লিংকৰ সুবিধা থাকিব আৰু এতিয়াৰ পৰা বছৰত চাৰিবাৰকৈ নিৰ্বাচন আয়োগত নাম পঞ্জীয়ন কৰিব পাৰিব।
জানুৱাৰী, এপ্ৰিল, জুলাই আৰু অক্টোবৰৰ ১ তাৰিখত পঞ্জীয়ন কৰিব পাৰিব।
১৮ বছৰ হোৱাৰ পূৰ্বেই আবেদন কৰি থৈ দিব পাৰিব আৰু ১৮ বছৰ হোৱাৰ লগে লগে তেওঁলোকে নিজৰ এডমিট কাৰ্ড লাভ কৰিব।
মহিলা সেনা বাহিনীয়ে পোষ্টেল ভোট দিব পাৰিব লগতে তেওঁৰ স্বামীয়েও সেই সুবিধা লাভ কৰিব।
এটা সমষ্টিতে যাতে নাম থাকে তাৰ বাবে ভোটাৰ কাৰ্ডৰ লগত আধাৰ লিংক কৰিবলৈ আয়োগে আহ্বান জনাইছে।
১আগষ্টৰ পৰা আৰম্ভ হ'ব আধাৰ লিংক প্ৰক্ৰিয়া।
এজন ভোটাৰে কেইবাটাও সমষ্টিত ভোট দিয়াৰ অভিযোগৰ বাবেই এই পদক্ষেপ লৈছে নিৰ্বাচন আয়োগে।
আধাৰ কাৰ্ড নথকা সকলে আন ডকুমেণ্ট ব্যৱহাৰ কৰি লিংক কৰিব পাৰিব।
সকলোকে অনলাইন যোগে নাম পঞ্জীয়ন কৰিবলৈ আহ্বান মুখ্য নিৰ্বাচনী বিষয়াৰ।
চূড়ান্ত ভোটাৰ তালিকা ৫ জানুৱাৰীত প্ৰকাশ পাব