ৱাশ্বিংটন, ১৬ আগষ্ট। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেচন চমুকৈ এফবিআইৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। ট্ৰাম্পৰ তিনিখন পাছপোৰ্ট এফবিআইয়ে চুৰি কৰাৰ অভিযোগ তুলিছে।
প্ৰাক্তন ৰাষ্ট্ৰপতিজনে দাবী কৰিছে যে তেওঁৰ বাসগৃহত শেহতীয়াকৈ সংস্থাটোৱে তালাচী অভিযান চলোৱাৰ সময়ত তেওঁৰ তিনিখন পাছপোৰ্ট চুৰি হৈছিল। ইতিমধ্যে ইয়াৰে এখন পাছপোৰ্টৰ ম্যাদ উকলি গৈছে।
ফ্লৰিডাৰ এখন আদালতে আমেৰিকাৰ এটৰ্নি জেনেৰেল মেৰিক গাৰ্লেণ্ডৰ অনুৰোধত ট্ৰাম্পৰ বাসগৃহৰ পৰা জব্দ কৰা সামগ্ৰীৰ এখন তালিকা প্ৰকাশ কৰিছিল। এই তালিকাত পাছপোৰ্টৰ কোনো উল্লেখ নাই।
ইফালে, ৱাশ্বিংটন পোষ্ট বাতৰি কাকতৰ তথ্য পৰীক্ষকসকলে কয় যে ট্ৰাম্পে ২০১৭ চনৰ পৰা তেওঁৰ চাৰি বছৰীয়া কাৰ্যকালত ৩০,০০০ তকৈও অধিক বাৰ মিছা কথাৰ আশ্ৰয় লৈছে।