আজি বঙাইগাঁও জিলাৰ ভাদ্ৰাগাঁৱত অসম গোৰ্খা সম্মিলনী বঙাইগাঁও জিলা সমিতিৰ অন্তৰ্গত ভাদ্ৰাগাঁও শাখা পুনৰ গঠন সন্দৰ্ভত সাধাৰণ সভা অনুষ্ঠিত হয় ।

অবসৰপ্ৰাপ্ত শিক্ষক পুষ্প বাহাদুৰ ছেত্রীৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত অসম গোৰ্খা সম্মিলনী বঙাইগাঁও জিলা তদৰ্থ সমিতিৰ সভাপতি শ্যাম প্ৰসাদ উপাধ্যায়, মূল সচিব পুষ্প নেপাল লগতে আন আন পদাধিকাৰীসকল উপস্থিত প্ৰেম বাহাদুৰ ছেত্রীক সভাপতি আৰু কমল ছেত্রীক মূল সচিব হিচাবে লৈ এক ১৬ জনীয়া ভাদ্ৰাগাঁও শাখা গঠন কৰা হয় ।