শৈশৱৰ পৰাই সংগীত চৰ্চাৰ প্ৰতি ধাউতি থকা উদীয়মান কণ্ঠশিল্পী ৰিম্পী বৰাই সংগীতৰ জগতখনত খোজ পেলাই এতিয়ালৈকে ৰাজ্যৰ বিভিন্ন সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা সময়ে সময়ে প্ৰদান কৰা বঁটা-বাহনকে ধৰি ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে আগবঢ়োৱা ৰাষ্ট্ৰীয় সন্মানো আজুৰি আনিবলৈ সক্ষম হৈছে ।মাজুলীৰ দক্ষিণপাট কলিতা গাঁও নিবাসী প্রদীপ বৰা আৰু পপী বৰাৰ জেষ্ঠ্যা কন্যা ৰিম্পীয়ে পাঁচ বছৰ বয়সতে শ্ৰী শ্ৰী যদুদেৱ কলা - কৃষ্টি কেন্দ্র , দক্ষিণপাট আশ্রমী সত্ৰত সংগীত শিক্ষাৰ পাতনি মেলিছিল ।সংগীতৰ প্ৰথম গুৰু হিচাপে দক্ষিণপাট আশ্রমী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত গীত বাদ্য , নৃত্যৰ বিভিন্ন দিশৰ জ্ঞান আয়ত্ব কৰিছিল । ভাতখাণ্ডে সংগীত মহাবিদ্যালয়, শঙ্কৰজ্যোতি বহুমূখী সাংস্কৃতিক মহাবিদ্যালয়ৰ পৰা প্ৰথম স্থানসহ শাস্ত্ৰীয় সংগীতত বিশাৰদ ডিগ্রী অৰ্জন কৰিবলৈ সক্ষম হোৱা এইগৰাকী উদীয়মান তথা সম্ভাৱনাপূৰ্ণ কণ্ঠশিল্পীয়ে মেখেলীগাওঁ জনতা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা ২০২১ বৰ্ষৰ মেট্রিক পৰীক্ষাত ষ্টাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।

বর্তমান বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনৰ দ্বাদশ শ্রেণীৰ ছাত্রী ৰিম্পীয়ে প্ৰথম পৰ্যায়ত উত্তৰ কমলাবাৰী সত্ৰৰ অধ্যাপক উপেন বৰগায়ন,নতুন কমলাবাৰী সত্ৰৰ বৰবায়ন দেৱেন চন্দ্ৰ ভূঞা , দিগন্ত শইকীয়া , থানো দত্ত,মুনমী শইকীয়া , দেৱযানী কলিতা , উৎপলা বৰুৱা , মিতালী গোস্বামী আৰু নগাঁৱৰ মমী গোস্বামীৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰে ৷ ।২০২০-২১ বৰ্ষত অসম চৰকাৰৰ তৰফৰ পৰা সংগীত বিষয়ত Assam Best Child Award বঁটা লাভ কৰা এইগৰাকী কণ্ঠশিল্পীয়ে মাজুলীৰ বিভিন্ন সাংস্কৃতিক মঞ্চত গীত পৰিৱেশন কৰি সাফল্য লাভ কৰাৰ লগতে দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈ আহিছে । ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ 'চেন্টাৰ ফৰ কালচাৰেল ৰিচাৰ্ট এণ্ড ট্রেইনিং ( CCRT )'ৰ উদ্যেগত বৰগীত বিষয়ত ৰাষ্ট্ৰীয় জলপানি লাভ কৰিছে ৰিম্পীয়ে ।ৰিম্পী বৰাই চলিত বৰ্ষৰ জুন মাহৰ মাজভাগত ''অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চই বিশ্বৰ মাতৃসকলৰ সোঁৱৰণত প্ৰদান কৰা ২০২১ বৰ্ষৰ “ অসম গ্ৰাম্য শিৰোৰত্ন বঁটা ” আনুষ্ঠানিকভাৱে গ্ৰহণ কৰি জন্মভূমি মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে । আমি ৰিম্পীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছোঁ ।