অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত , জাতীয়তাবাদী মহিলা পৰিষদৰ ধেমাজি জিলা সমিতি আৰু বেতনিপাম আঞ্চলিক অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু জাতীয়তাবাদী মহিলা পৰিষদৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে সোমবাৰে বালিজান গেলগেলি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস পালন কৰে । কাৰ্যসূচী অনুসৰি পুৱা চাফাই অভিযানৰ পিছতে সংগঠনৰ পতাকা উত্তোলন কৰে জিলা সভাপতি সঞ্জীৱ চেতিয়াই । শ্বহীদ তৰ্পণ কৰে জাতীয় মহিলা পৰিষদৰ সম্পাদিকা জয়শ্ৰী শইকীয়াই । বৃক্ষৰোপনৰ আঁত ধৰে যুটীয়া সম্পাদিকা জ্যোতিকা বৰাই । ইয়াৰ পিছতেই সংগঠনটোৰ বেতনিপাম আঞ্চলিক সমিতিৰ সভাপতি গোলাপ চাংমাইৰ নেতৃত্বত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান । ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ উদ্বোধন কৰে বালিজান-গেলগেলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল চন্দ্ৰ মহন্তই । সম্বৰ্ধনা কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত শিক্ষক অমৃত দিহিঙ্গীয়া , বাবুল গগৈক সম্বৰ্ধনা জনাই। লগতে বালিজান গেলগেলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল চন্দ্ৰ মহন্ত, বালিজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জগত মহন্তকে ধৰি বিদ্যালয়ৰ শিক্ষক সকলক সংগঠনটোৰ তৰফৰ পৰা গামোছা শৰাইৰে সম্বৰ্ধনা জনোৱা হয় । সংগঠনটোৰ জিলা সভাপতি সঞ্জীৱ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল কুমাৰ চুতীয়া, ধেমাজিৰ নিউজ ১৮ চেনেলৰ সাংবাদিক মন বিকাশ বৰগোঁহাইৰ লগতে আন বহুকেইগৰাকী গণ্যমান্য ব্যক্তি ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તળાજા અલંગ રોડ પરથી વિદેશી દારૂ રૂ.૯,૭૮,૬૦૦/-નો મુદ્દામાલ સાથે ઝબ્બે ઇસમ ફરાર
પોલીસ મહાનિરીક્ષક શ્રી ગૌતમ પરમારસાહૈબ ભાવનગર રેન્જ ભાવનગર તથા પોલીસ અધિક્ષક શ્રી ડો....
માન. પ્રધાનમંત્રીશ્રી નરેન્દ્ર મોદીનું હાંતાવાડા (તા. વડગામ, જિ. બનાસકાંઠા) ખાતે આગમન અને મહાનુભાવો દ્વારા સ્વાગત
દાંતા થી અંબાજી જવા પ્રધાનમંત્રી રવાના થયા
Upcoming Change in X: एलन मस्क कर रहे सोशल मीडिया प्लेटफॉर्म एक्स पर बड़े बदलाव की तैयारी
एलन मस्क जल्द अपने सोशल मीडिया प्लेटफॉर्म एक्स (पूर्व में ट्विटर) पर बदलाव करने की तैयारी कर रहे...
চিলাপথাৰত চাইবাৰ অপৰাধীৰ জালত সংবাদ কৰ্মী,থানাত গোচৰ দাখিল ভোক্তভুগী সাংবাদিকৰ
চিলাপথাৰত চাইবাৰ অপৰাধীৰ জালত সংবাদকৰ্মী, চিলাপথাৰ থানাত এজাহাৰ দাখিল
অসমত সক্ৰিয় হৈ আছে...