অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত , জাতীয়তাবাদী মহিলা পৰিষদৰ ধেমাজি জিলা সমিতি আৰু বেতনিপাম আঞ্চলিক অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু জাতীয়তাবাদী মহিলা পৰিষদৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে সোমবাৰে বালিজান গেলগেলি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস পালন কৰে । কাৰ্যসূচী অনুসৰি পুৱা চাফাই অভিযানৰ পিছতে সংগঠনৰ পতাকা উত্তোলন কৰে জিলা সভাপতি সঞ্জীৱ চেতিয়াই । শ্বহীদ তৰ্পণ কৰে জাতীয় মহিলা পৰিষদৰ সম্পাদিকা জয়শ্ৰী শইকীয়াই । বৃক্ষৰোপনৰ আঁত ধৰে যুটীয়া সম্পাদিকা জ্যোতিকা বৰাই । ইয়াৰ পিছতেই সংগঠনটোৰ বেতনিপাম আঞ্চলিক সমিতিৰ সভাপতি গোলাপ চাংমাইৰ নেতৃত্বত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান । ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ উদ্বোধন কৰে বালিজান-গেলগেলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল চন্দ্ৰ মহন্তই । সম্বৰ্ধনা কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত শিক্ষক অমৃত দিহিঙ্গীয়া , বাবুল গগৈক সম্বৰ্ধনা জনাই। লগতে বালিজান গেলগেলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল চন্দ্ৰ মহন্ত, বালিজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জগত মহন্তকে ধৰি বিদ্যালয়ৰ শিক্ষক সকলক সংগঠনটোৰ তৰফৰ পৰা গামোছা শৰাইৰে সম্বৰ্ধনা জনোৱা হয় । সংগঠনটোৰ জিলা সভাপতি সঞ্জীৱ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল কুমাৰ চুতীয়া, ধেমাজিৰ নিউজ ১৮ চেনেলৰ সাংবাদিক মন বিকাশ বৰগোঁহাইৰ লগতে আন বহুকেইগৰাকী গণ্যমান্য ব্যক্তি ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
লখিমপুৰবাসীৰ বাবে আজি বিশেষ দিন
ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ উত্তৰ-পূৰ্ব কোণত অৱস্থিত এখন জিলা লখিমপুৰ। উল্লেখ্য যে,ভাৰতৰ...
ডিডিআৰ মঃত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক চকীদাৰৰ বাধা
ডিডিআৰ মঃত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক চকীদাৰে বাধা , চকীদাৰ অতপালি সম্পৰ্কত আপোনাৰ মতামত...
जहां G20 Summit हुई, वहां की देखभाल करने वाले मजदूर प्रदर्शन क्यों कर रहे? Bharat Mandapam
जहां G20 Summit हुई, वहां की देखभाल करने वाले मजदूर प्रदर्शन क्यों कर रहे? Bharat Mandapam
દેવગઢ બારીયા વિધાનસભાના કોંગ્રેસના નેતા ભરતસિંહ વાખડા એ રાજીનામું મોકલી દેતા રાજકારણ ગરમાયું છે
દેવગઢ બારીયા વિધાનસભાના કોંગ્રેસના નેતા ભરતસિંહ વાખડા એ રાજીનામું મોકલી દેતા રાજકારણ ગરમાયું છે
દિવાળી તહેવારના પગલે જુનાગઢ ના ભવનાથ માં લોકો ઉમટી પડ્યા
દિવાળી તહેવારના પગલે જુનાગઢ ના ભવનાથ માં લોકો ઉમટી પડ્યા