নাৰায়ণপুৰ পৌৰসভাৰ অন্তৰ্গত ৫ নং শক্ৰাহী ৱাৰ্ডৰ সুলভ মূল্য দোকানৰ এজেন্ট সুৰেন ভূঞাক বিভাগীয় ভাৱে নিলম্বন কৰা হৈছে ৷ এজেন্ট গৰাকীৰ বিৰুদ্ধে কৃষ্ণ দাস নামৰ উপভোক্তাগৰাকীয়ে লখিমপুৰ জিলা উপায়ুক্তক আবেদন জনাইছিল ৷ অসম ৰাজ্যিক পৰিবহণ নিগমৰ ঠিকাভিত্তিক গাড়ী চালক কৃষ্ণ দাসৰ ৰেচন কাৰ্ড খন এজেন্টগৰাকীয়ে কৰ্তন কৰি ভৰত কটকী নামৰ লোকজনৰ নাম অন্তভুৰ্ক্ত কৰাক কেন্দ্ৰ কৰি কৃষ্ণ দাসে জিলা উপায়ুক্তলৈ ইয়াৰ উচিত বিচাৰ কৰিবৰ বাবে জনোৱা আবেদনৰ ভিত্তিত সোমবাৰে লখিমপুৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক কিশোৰ কুমাৰ শৰ্মাই সুলভ মূৰ্ল্যৰ দোকান খনলৈ আহি নথি পত্ৰ পৰীক্ষা কৰি লাভ কৰা গুৰুতৰ অনিয়মৰ পাছত এজেন্টগৰাকীক নিলম্বন কৰি বন্ধ কৰি দিয়ে দোকান খন ৷ নথি পত্ৰ জব্দ কৰাৰ লগতে উপভোক্তাসকলৰ পাবলগীয়া চাউল দোকান খনত মজুত থকাত পৰিদৰ্শকগৰাকীয়ে ৯.৫ কুইন্টল চাউল নিকটৱৰ্তী সুলভ মূৰ্ল্যৰ দোকান তথা এজেন্ট চম্পা হাজৰিকা দোকানলৈ স্থানান্তৰ কৰি উক্ত দোকানৰ পৰা উপভোক্তাসকলৰ পাপ্য চাউল নিয়াৰ ব্যৱস্থা কৰি দিয়ে ৷ আনহাতে সুৰেন ভূঞা নামৰ এজেন্ট গৰাকীৰ বিৰুদ্ধে অংগনৱাড়ী কেন্দ্ৰলৈ চাউল যোগানৰ নামত অনিয়ম সংঘটিত কৰাৰ আন এক গুৰুতৰ অভিযোগ সন্দৰ্ভত নাৰায়ণপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া জিন্তু শৰ্মাই অব্যাহত ৰাখিছে তদন্ত ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lok Sabha Election 2024: Dimple Yadav Mainpuri Seat से करेंगी नामांकन, Akhilesh Yadav भी होंगे साथ
Lok Sabha Election 2024: Dimple Yadav Mainpuri Seat से करेंगी नामांकन, Akhilesh Yadav भी होंगे साथ
গোলাঘাট নগৰৰ মাছ বজাৰত দিন দুপৰতে এজন লোকৰ পৰা পইচা লৈ পলাবলৈ লওঁতেই ৰাইজৰ হাতত কৰায়ত্ত এজন লোক
গোলাঘাট নগৰৰ মাছ বজাৰত দিন দুপৰতে এজন লোকৰ পৰা পইচা লৈ পলাবলৈ লওঁতেই ৰাইজৰ হাতত কৰায়ত্ত এজন লোক
ધમણાચા ગામની સિમ વિસ્તારોમાં આવેલા ખેતરની ઓરડીમાં મુકેલી ખાતરની થેળીઓની ચોરી કરી આરોપી થયા ફરાર
ધમણાચા ગામની સિમ વિસ્તારોમાં આવેલા ખેતરની ઓરડીમાં મુકેલી ખાતરની થેળીઓની ચોરી કરી આરોપી થયા ફરાર...
आंदोलक पत्रकारांनी प्रकट वीर हनुमान मंदिरात अतिक्रमण काढण्यासाठी घातले साकडे
आंदोलक पत्रकारांनी प्रकट वीर हनुमान मंदिरात अतिक्रमण काढण्यासाठी घातले साकडे