: সদ্য সমাপ্ত অসম যুৱ অলিম্পিকত উজ্জ্বলিল বোকাখাতৰ ১০ গৰাকী উদীয়মান খেলুৱৈ। মল্ল যুদ্ধ প্ৰতিযগিতাত ১০ টাকৈ পদক লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে গোলাঘাট জিলাৰ বোকাখাত মহকুমা মল্ল যুদ্ধ সন্থাৰ খেলুৱৈয়ে৷ মল্ল যুদ্ধ প্ৰতিযোগিতাত বোকাখাতৰ ৪ গৰাকীয়ে সোণ, ৩ গৰাকীয়ে ৰূপ আৰু ৩ গৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ ৪৫ কিলোত জিন্তু পেগুৱে সোণ, ৪৮ কিলোত ভাস্কৰ পাটগিৰিয়ে সোণ, ৭১ কিলোত বসন্ত পাটগিৰিয়ে সোণ আৰু ৫৫ কিলোত অপূৰ্ৱ দাসে সোণৰ পদক লাভ কৰে ৷ ৪৩ কিলোত সুমিতা পেগুৱে ৰূপ, ৫১ কিলোত অপূৰ্ৱ নাথে ৰূপ আৰু ৬০ কিলোত ভীমকান্ত চিন্তেই ৰূপৰ পদক লাভ কৰে ৷ সেইদৰে ৬৫ কিলোত চন্দন শৰ্মাই ব্ৰঞ্জ, ৪৯ কিলোত সেৱিকা শইকীয়াই ব্ৰঞ্জ আৰু ৪৬ কিলোত মঞ্জুমালা কাৰ্ডঙে ব্ৰঞ্জৰ পদক লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনে ৷ অতি দৰিদ্ৰ পৰিয়ালৰ বিশেষভাৱে সক্ষম জিন্তু পেগুৱে সোণৰ পদক লাভ কৰাতো বিশেষভাৱে চৰ্চা লাভ কৰিছে ৷ কিন্তু মল্ল যুদ্ধৰ প্ৰশিক্ষণৰ বাবে যেনেদৰে সা-সুবিধা লাভ কৰিব লাগিছিল সেইদৰে কিন্তু খেলুৱৈ সকলে সুবিধা লাভ কৰা নাই ৷ মল্ল যুদ্ধৰ প্ৰশিক্ষণ বা প্ৰতিযোগিতাৰ বাবে ৭২ খন মেটৰ প্ৰয়োজন হয় যদিও বোকাখাতৰ এইসকল খেলুৱৈয়ে ১৩ খন ফাটিছিটি যোৱা মেটতে প্ৰশিক্ষণ লৈ ৰাজ্যিক পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে ৷ বোকাখাতৰ দৰে এখন সৰু চহৰৰ ভিতৰুৱা গাঁৱৰ এইসকল খেলুৱৈয়ে যদি সঠিক সুবিধা লাভ কৰে তেন্তে ৰাষ্ট্ৰীয় পৰ্যায়তো এইসকল খৈলুৱৈ উজলিবলৈ সক্ষম হ'ব ৷ এই ক্ষেত্ৰত বোকাখাতৰ বিধায়ক, কৃষিমন্ত্ৰী তথা বোকাখাত জিলা ক্ৰীড়া সন্থাৰো সভাপতি অতুল বৰাক এইসকল খেলুৱৈৰ প্ৰতি অকণমান দৃষ্টি দিবলৈ আহ্বান জনাইছে গোলাঘাট জিলা মল্ল যুদ্ধ সন্থাই ৷ সদ্য সমাপ্ত অসম যুৱ অলিম্পিক প্ৰতিযোগিতাত মল্ল যুদ্ধত ১০ টাকৈ পদক লাভ কৰা এই ১০ গৰাকী খেলুৱৈক গোলাঘাট জিলা মল্ল যুদ্ধ সন্থাই শুক্ৰবাৰে বোকাখাত ৰাজহুৱা খেলপথাৰত সম্বৰ্ধনা জনায় ৷ অনুষ্ঠানত গোলাঘাট জিলা মল্ল যুদ্ধ সন্থাৰ সভাপতি নৈতিক বৰগোহাঁই, সহকাৰী সম্পাদক বিজয় ফুকন, প্ৰশিক্ষক অনুস্তপ নৰহ আৰু পাপু চাওতাল উপস্থিত থাকি পদক লাভ কৰা খেলুৱৈ সকলক উৎসাহ প্ৰদান কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજુલા, જાફરાબાદ અને ખાંભા એમ ત્રણ તાલુકા ના ૨.૭૪ લાખ મતદારો દ્વારા ૧૫ ઉમેદવારોનું ભાવી ૧લી ડિસેમ્બર ના રોજ E.V.M. મશીનમાં શીલ કર છે.
ત્રણ તાલુકામાં ૩૦૩ બુથ પર યોજવામાં આવનાર છે મતદાન.
આ ૯૮ રાજુલા વિધાનસભા સીટ પર જ્ઞાતિ વાઈજ મતો...
মৰাণ লৰুৱা মণ্ডলৰ জ্যেষ্ঠ বিজেপি কৰ্মী সকলে মৰাণৰ বিধায়কৰ কাৰ্য্যালয়ত বিধায়কৰ সৈতে গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনাত মিলিত হয়।
ডিব্ৰুগড় জিলাৰ মৰাণ বিধান সভা সমষ্টিৰ লৰুৱা মণ্ডলৰ জ্যেষ্ঠ বিজেপি কৰ্মী ৰূপম ভৰলুৱা ই গাঁৱৰ...
અમદાવાદમાં ઢોરવાળા થઈ રહ્યા છે હાઉસફૂલ, જાણો ચાર દિવસમાં કેટલા પશુ પકડાયા
અમદાવાદમાં ઢોર પકડવાની કામગિરી પુરજોશથી થઈ રહી છે. અમદાવાદમાં ઢોરવાળા તેના કારણે ફૂલ થી રહ્યા છે....
ભંગારના ગોડાઉનમાં શોર્ટ સર્કિટના કારણે આગ લાગી....
ભંગારના ગોડાઉનમાં શોર્ટ સર્કિટના કારણે આગ લાગી....
गोंदिया शहरातील शासकीय कार्यालयात कागदपत्रे सुरक्षित ठेवण्यासाठी कसरत.
गोंदिया शहरातील शासकीय कार्यालयात कागदपत्रे सुरक्षित ठेवण्यासाठी कसरत.